ভাৰতৰ উদ্যোগপতি মুকেশ অম্বানীৰ ৰিলায়েন্সৰ অভিনৱ পদক্ষেপ

ambani 1601372129 1

পিচিআৰ পৰীক্ষণৰ বাবে আৰু চিন্তা নাই । কেৱল শ্বাস পৰীক্ষা কৰিয়ে ফলাফল পোৱা যাব ব্যক্তিজন ক’ভিডত আক্ৰান্ত হয় নে নহয় । এই অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছে ইজৰাইলৰ সংস্থা ‘ব্ৰেথ অৱ হেল্থ’ (বিঅ’এইচ)এ । ভাৰততো একে পদ্ধতিৰে পৰীক্ষণ কৰিবৰ বাবে ইজৰাইলৰ সংস্থাটোৰ পৰা ভাৰতৰ উদ্যোগপতি মুকেশ অম্বানীৰ ৰিলায়েন্সে যন্ত্ৰবিধ ক্ৰয় কৰিছে ডেৰ কোটি ডলাৰত ।

ইজৰাইলৰ সংস্থাটোৰ স’তে চুক্তিবদ্ধ হৈছে ৰিলায়েন্স । বিচিঅ’ই দাবী কৰে যে, এই পদ্ধতিৰ মাধ্যমত ক’ভিড পৰীক্ষণৰ সাফল্যৰ হাৰ খুব কমেও ৯৫ শতাংশই শুদ্ধ । প্ৰাথমিকভাৱে ইজৰাইলৰ হাদাছা মেডিকেল চেণ্টাৰ আৰু তেল হাছ’মাৰাৰ সেবা মেডিকেল চেণ্টাৰত চলোৱা ক্লিনিকেল ট্ৰায়েলত যন্ত্ৰবিধ ৯৮ শতাংশই সফল হৈছিল । বাণিজ্যিক প’ৰ্টেল ‘কেলকোলিষ্টে’ জনায় যে, ভাৰতৰ বিভিন্ন ৰাজ্যত যাতে মাহিলী মাচুলৰ মাধ্যমেৰে লক্ষ্যাধিক লোকৰ ক’ভিড পৰীক্ষণ কৰিব পৰা যায় সেয়ে ইজৰাইলৰ সংস্থাটোৰ পৰা ৰিলায়েন্সে যন্ত্ৰবিধ ক্ৰয় কৰিছে ।

ৰিলায়েন্সে দিয়া তথ্য অনুসৰি, এই পদ্ধতিতো সমগ্ৰ ভাৰততে প্ৰয়োগ কৰা হ’ব । লগতে এই যন্ত্ৰৰ গৱেষণাটো সম্পূৰ্ণ সহযোগ কৰিব ৰিলায়েন্সে । বিচিঅ’ই জনায় যে, আলজাইমাৰ, কৰ্কট ৰোগ আৰু হাঁওফাঁওজনিত ৰোগৰ পৰীক্ষণৰ বাবে দুবছৰ পূৰ্বেই যন্ত্ৰবিধ নিৰ্মাণ কৰা হৈছিল ‌। দেখা যায় যে ক’ভিড পৰীক্ষণৰ বাবেও যন্ত্ৰবিধ কাৰ্যকৰী ।

Exit mobile version