বিশ্বৰ আন দেশৰ লগত ভাৰততো চলিত মাহতে ক’ভিড-১৯ৰ সংক্রমণ প্ৰতিৰােধৰ বাবে প্রতিষেধক প্রদান অভিযান আৰম্ভ হ’ল। কিন্তু প্রতিষেধক প্রদান এই প্রক্রিয়াৰ প্ৰতি শংকা প্রকাশ কৰিছে গৰিষ্ঠসংখ্যক ভাৰতীয়। এক সমীক্ষাত এই তথ্য প্রকাশ পালে। লােকেল চার্কলছৰ সমীক্ষাত প্ৰকাশ পােৱা মতে, ভাৰতৰ ৬০ শতাংশ লােকে ক’ভিড প্রতিষেধক ল’বলৈ অস্বীকাৰ কৰিছে।
ক’ভিডৰ প্রতিষেধক কিমান নিৰাপদ সেই সন্দৰ্ভত ৬০ শতাংশ ভাৰতীয়ই এই সমীক্ষাত শংকা প্রকাশ কৰে। অৱশ্যে তিনিসপ্তাহ পূর্বে একেটা বিষয়ত চলােৱা আন এক সমীক্ষাত ক’ভিড় প্রতিষেধক প্রতি ভাৰতৰ ৬৯ শতাংশ লােকে শংকা প্রকাশ কৰিছিল। চলিত মাহতে কেন্দ্রীয় চৰকাৰে ভাৰত বায়’টেকৰ ক’ভেক্সিন আৰু ব্রিটেইনৰ এষ্ট্রাজেনেকা আৰু অক্সফ’ৰ্ডৰ দ্বাৰা তৈয়াৰী ক’ভিশিল্ড প্রতিষেধক প্রদান প্রথম পর্যায় আৰম্ভ কৰিলে।
কিন্তু প্রতিষেধক প্রদান প্রক্রিয়া আৰম্ভ হােৱাৰ পাছতাে দেশৰ গৰিষ্ঠসংখ্যক লােকে সমীক্ষাত এই প্রতিষেধকৰ প্রতি শংকা ব্যক্ত কৰিলে। সমীক্ষাটোত অংশ লােৱা ৫৯ শতাংশ লােকে কয় যে প্রতিষেধক পার্শ্বপ্রতিক্রিয়াৰ সন্দৰ্ভত তেওঁলােকে এতিয়াও নিশ্চিত হ’ব পৰা নাই। সেয়েহে ক’ভিড প্রতিষেধক গ্ৰহণ কৰিবলৈ শংকা অনুভব কৰা বুলিও এইসকল লােকে সমীক্ষাটোত মন্তব্য কৰে।