আত্মীয়ৰ খবৰ ল’বলৈ পাকিস্তানলৈ গৈ উভতিল ১৮ বছৰৰ পাছত

Aurangabad 6010edf73938d

স্বামীৰ আত্মীয়ৰ খবৰ লোৱাৰ বাবে গৈছিল পাকিস্তানলৈ, কিন্তু দেশলৈ উভতি অহাৰ বাবে তেওঁক প্ৰয়োজন হ’ল প্ৰায় দুটা দশক । এই দীৰ্ঘ সময়চোৱা হাছিনা বেগম নামৰ মহিলাগৰাকীৰ ঘৰত পৰিণত হৈছিল পাকিস্তানৰ এখন কাৰাগাৰ । অনেক মানসিক-শাৰীৰিক যন্ত্ৰণা সহ্য কৰাৰ অন্তত অৱশেষত নিজৰ আপোনজনৰ কাষলৈ উভতি আহিছে হাছিনা ।

উত্তৰপ্ৰদেশৰ ঔৰংগাবাদৰ বাসিন্দা হাছিনাৰ বিয়া হৈছিল ছাহাৰাণপুৰৰ দিলছাদ আহমেদৰ স’তে । দিলছাদৰ আত্মীয়-স্বজন এতিয়াও পাকিস্তানত আছে । ১৮ বছৰৰ পূৰ্বে তেওঁলোকক সাক্ষাৎ কৰাৰ বাবে পাকিস্তানলৈ গৈছিল হাছিনা । সেই সময়ত হাছিনাৰ বয়স আছিল ৪৭ বছৰ । পাছপ’ৰ্ট তৈয়াৰ কৰি অকলে তেওঁ উপস্থিত হৈছিল পাকিস্তানৰ লাহোৰত । কিন্তু লাহোৰত উপস্থিত হোৱাৰ পাছত দুৰ্ভাগ্যবশতঃ তেওঁৰ পাছপ’ৰ্টখন হেৰায় । ফলত আৰক্ষীক তেওঁ পাছপ’ৰ্ট দেখুওৱাব নোৱাৰিলে । তাৰ পাছৰ পৰাই হাছিনা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছিল ।

ইপিনে, হাছিনাৰ সন্ধান নোপোৱাত ছাহাৰনপুৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক এজাহাৰ দিয়ে । উত্তৰপ্ৰদেশ আৰক্ষীয়ে পাকিস্তান আৰক্ষীৰ স’তে যোগাযোগ কৰাৰ পাছত অৱশেষত হাছিনাৰ সন্ধান পোৱা গ’ল । কিন্তু দুই দেশৰ নিয়ম-কানুনৰ নাগপাশত আৱদ্ধ হৈ ইমানদিনে তেওঁ জেলত দিন অতিবাহিত কৰিব লগা হৈছিল ।

সম্প্ৰতি ১৮ বছৰ কাৰাবাস কটোৱাৰ পাছত হাছিনা পৰিয়ালৰ ওচৰলৈ উভতি আহিছে । এতিয়া ৬৭ বছৰীয়া হাছিনাৰ শৰীৰ বহু পৰিমাণে ভাঙি পৰিছে । মুখৰ বলিৰেখাৰ স্তৰে স্তৰে স্পষ্ট হৈ পৰিছে জেলবন্দী জীৱনৰ ছাপ । দৃষ্টিশক্তিও অনেক দুৰ্বল হৈ পৰিছে । ঔৰংগাবাদ আৰক্ষী থানাত উপস্থিত হৈ পৰিয়ালৰ লোকে হাছিনাক নিজ গৃহলৈ নিয়ে । তেওঁলোকে ঔৰংগাবাদ আৰক্ষীক ধন্যবাদো জনাইছে ।

দেশলৈ উভতি আহি হাছিনাই কয়, ‘পাকিস্তানত মোক বলপূৰ্বক কাৰাগাৰত ৰখা হৈছিল । অনেক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিলো মই । দেশলৈ উভতি আহি এতিয়া শান্তি পাইছো‌ । এনে লাগিছে যেন স্বৰ্গলৈ আহিছো ।’

উল্লেখ্য যে পহিলা জানুৱাৰীত ভাৰত আৰু পাকিস্তানে দুই দেশৰ বন্দীসকলৰ তালিকা সদৰী কৰে । সেই মৰ্মে বন্দী হৈ থকা ২৬৩ জন পাক নাগৰিক আৰু ৭৭ জন মৎস্যজীৱীক পাকিস্তানক ঘূৰাই দিলে ভাৰতে । সেইদৰে পাকিস্তানেও ৪৯ জন সাধাৰণ লোক আৰু ২৭০ জন মৎস্যজীৱীক ভাৰতৰ হাতত তুলি দিয়ে । এইসকলৰ তালিকাতে আছিল হাছিনা ।

Exit mobile version