আৰম্ভ হ’ল বাজেট অধিবেশন

Screenshot 192

আজিৰ পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ল । আগন্তুক এক ফেব্ৰুৱাৰীত সংসদত বাজেট প্ৰকাশ কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

এপ্ৰিলৰ প্ৰথম সপ্তাহলৈকে অধিবেশন অব্যাহত থাকিব । বিতৰ্কিত কৃষি আইন আৰু অতিমাৰীৰ সময়ত মন্থৰ হৈ পৰা দেশৰ অৰ্থনীতিক লৈ অপ্ৰিয় প্ৰশ্ন উত্থাপন কৰিবলৈ প্ৰস্তুত বিৰোধী দল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত কয়, ‘নতুন দশকৰ প্ৰথম অধিবেশন আজি । এই অধিবেশনত আলোচনাৰ মাধ্যমেৰে অমৃত নিগৰক । স্বাধীনতা সংগ্ৰামীসকলৰ স্বপ্নপূৰণৰ সময় আহিল ।’

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দৰ ভাষণেৰে প্ৰথম বাজেটৰ অধিবেশন আৰম্ভ হয় । ক’বিন্দে কয়, ‘ভাৰতৰ আত্মনিৰ্ভৰ হোৱা স্বপ্ন পূৰ্ণ হ’ব । সমগ্ৰ দেশে কৰ’নাৰ বিৰুদ্ধে একেলগে যুঁজ দিছে । দেশৰ কৰ’না টিকাকৰণৰ সফল অভিযান ।’

ক’ভিড পৰিস্থিতিৰ বাবে তিনিটা পৃথক স্থানত সাংসদসকলৰ বহাৰ ব্যৱস্থা কৰা হৈছে । সংসদৰ দুই কক্ষৰ সদস্যৰ উদ্দেশ্যেই বক্তৃতা প্ৰদান কৰিব ৰাষ্ট্ৰপতি ক’বিন্দে । কংগ্ৰেছ নেতা গোলাম নবী আজাদে জানিবলৈ দিয়ে যে, কৃষি আইনৰ বিৰোধী আন্দোলনক সমৰ্থন কৰি ইতিমধ্যে ১৯ টা বিৰোধী দলে ৰাষ্ট্ৰপতিগৰাকীৰ বক্তৃতা বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কৃষক আন্দোলনৰ লগতে এইবাৰৰ বাজেটত দেশৰ অৰ্থনীতিৰ বৰ্তমান পৰিস্থিতিক লৈও চৰকাৰে অপ্ৰিয় প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে । কাৰণ, কেন্দ্ৰই যিমানে দাবী কৰিলেও অৰ্থনৈতিক অৱস্থা সুচল নহয় বুলি একাংশ ‌বিশেষজ্ঞই মত পোষণ কৰে । বৰঞ্চ চলিত অৰ্থবৰ্ষত দেশৰ মুঠ আভ্যন্তৰীণ উৎপাদনৰ হাৰ ২৫ শতাংশ হ্ৰাস পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে তেওঁলোকে ।

অতিমাৰীৰ ফলত বাদল অধিবেশন বাতিল হোৱাৰ পাছত এইয়ে প্ৰথম অধিবেশন সংসদত । ক’ভিডৰ বাবে এইবাৰ শীতকালীনো অধিবেশন অনুষ্ঠিত নহয় ।

ক’ভিড পৰিস্থিতিৰ বাবে অধিবেশনত বিশেষ শতৰ্কতাও অৱলম্বন কৰা হৈছে । উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ চেয়াৰমেন বেংকয়া নাইডুসহ বহু সাংসদে ইতিমধ্যে ক’ভিড পৰীক্ষণ কৰাইছে । কৰ্মী, অধিকাৰীসহ ৰাজ্যসভাৰ ছেক্ৰেটেৰীয়েটৰ পৰা মুঠ ১২০০ জনে ক’ভিড পৰীক্ষণ কৰাইছে । তেওঁলোকৰ সকলোৰে দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰা নাই ।

Exit mobile version