চৰকাৰী অৱহেলাত পাঠদান বন্ধ শালবাৰীৰ উত্তৰ গোৱৰ্দ্ধনা হাইস্কুলৰ, জহিখহি গৈছে বিদ্যালয় গৃহ

WhatsApp Image 2021 01 29 at 6.00.59 PM 1

যিকোনো মুহূৰ্ততে ভাঙি পৰিব পাৰে বাগসাৰ শালবাৰীৰ উত্তৰ গোৱৰ্দ্ধনা হাইস্কুলৰ বিদ্যালয়ৰ গৃহ ৷ ১৯৮২তে স্থাপিত হৈছিল বিদ্যালয়খন ৷ সুদীৰ্ঘ ২৮ বছৰৰ অন্তত অৱশেষত ২০১৩ত প্ৰাদেশিকীকৰণ হৈছিল বিদ্যালয়খন ৷ আজিলৈ কোনো ধৰণৰ চৰকাৰী গৃহ লাভ নকৰা বিদ্যালয়খনৰ অৱস্থা সম্প্ৰতি অতি শোচনীয় হৈ  পৰিছে ৷ জহি-খহি যাব ধৰিছে বিদ্যালয় গৃহ, ভাঙিবলৈ লৈছে বেৰবোৰ ৷

বাগসাৰ জালাহ শিক্ষা খণ্ডৰ অন্তৰ্গত চুনবাৰী গাঁৱত অৱস্থিত উক্ত বিদ্যালয়খনৰ পৰিস্থিতিৰ বুজ লৈ বিদ্যালয়ৰ পাঠদান তৎকালীনভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে বিদ্যালয় পৰিচালনা সমিতিয়ে । অতি শীঘ্ৰে যদি বিদ্যালয়ৰ গৃহ নিৰ্মাণ নহয় তেতিয়াহ’লে বিদ্যালয়খনৰ ৪৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পাঠগ্ৰহণৰ ক্ষেত্ৰত বাৰুকৈয়ে অসুবিধাৰ সৃষ্টি হ’ব ।

ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা জীৱনলৈ ভয়ংকৰ ভাবুকি নামি আহিব ৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নুৰ হুছেইন মোল্লা আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল হান্নানে বিদ্যালয়খনৰ স্থায়ী গৃহ নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷

Exit mobile version