তিনি কৃষি আইনৰ ফলত ভাৰতৰ ১০ কোটিৰো অধিক লোক উপকৃত হ’বঃ ৰামনাথ ক’বিন্দ

jpg 1 1

সংসদৰ যৌথ অধিবেশনত কৃষি আইনৰ পক্ষত মত প্ৰকাশ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে । বাজেট অধিবেশনৰ সূচনাত সংসদৰ যৌথ অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰায়ভাগ বক্তৃতাই কৃষি আইনৰ স’তে জড়িত হৈ থাকিল । কৃষকসকলৰ বাবে মোদী চৰকাৰে কি কি কৰিছে  তাৰেই প্ৰশস্তি ৰাষ্ট্ৰপতিৰ বক্তব্যত । বিৰোধীশূণ্য সংসদে কৃষকসকলৰ গণৰাজ্য দিৱসৰ আন্দোলনক গৰিহণা দিয়ে ।

নতুন কৃষি আইন বাতিল কৰাৰ যে কোনো প্ৰশ্নই উত্থাপন নহয় ৰাষ্ট্ৰপতিৰ ভাষণেৰে পুনৰ প্ৰমাণ কৰিলে মোদী চৰকাৰে । কাৰণ এনে অধিবেশনত সাধাৰণতে ৰাষ্ট্ৰপতিয়ে ‘মুখপাত্ৰ’ হিচাপে কাম কৰে । সেয়ে আজি সংসদৰ যৌথ অধিবেশনত ৰাষ্ট্ৰপতিয়ে যিখিনি বক্তব্য দাঙি ধৰিলে সেইসমূহ চৰকাৰৰ পক্ষতেই বুলি ক’ব পাৰি ।

সংসদৰ বাজেট অধিবেশন আজিৰ পৰা আৰম্ভ হয় । এক ফেব্ৰুৱাৰীত বাজেট প্ৰকাশ কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । অধিবেশনৰ সূচনাত সংসদৰ যৌথ অধিবেশনৰ বক্তৃতাত ৰাষ্ট্ৰপতিয়ে কয়, ‘নতুন তিনি কৃষি আইনৰ ফলত দেশৰ ১০ কোটিৰো অধিক লোক উপকৃত হ’ব । কিছুসংখ্যক ৰাজ্য চৰকাৰেও কৃষি আইনৰ প্ৰশংসা কৰিছে ।’

গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীত অশান্ত পৰিস্থিতিৰ সৃষ্টি হয় । কিছুসংখ্যক অঞ্চল ৰণক্ষেত্ৰত পৰিণত হয় । কৃষকসকলৰ এই আন্দোলনক গৰিহণা দি ৰাষ্ট্ৰপতিয়ে কয়, ‘গণৰাজ্য দিৱসত কৃষকসকলে ট্ৰেক্টৰ ৰেলী কৰিছিল । সেই আন্দোলনত ব্যাপক অস্থিৰতাৰ সৃষ্টি হৈছিল ।’ লালকিল্লাত পতাকা উত্তোলনৰ ঘটনা সন্দৰ্ভত কয়, ‘লালকিল্লাত জাতীয় পতাকাৰ অৱমাননা কৰা হৈছে । এইটো দুৰ্ভাগ্যজনক । সংবিধান, যাৰ বাবে আমি গণৰাজ্য দিৱস পালন কৰো, আমাৰ স্বাধীনতাৰ কথা কৈ । সংবিধানত এইটোও কোৱা হয় যে, আইনশৃঙ্খলা ৰক্ষা আৰু নিশ্চিত কৰা নাগৰিকৰ দায়িত্ব ।’

তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত অটল প্ৰতিবাদী কৃষকসকল । অধিকাংশ বিৰোধী দলে এই আন্দোলনক সমৰ্থনো কৰিছে । তৃণমূল কংগ্ৰেছসহ ১৮ টা বিৰোধী দলে ৰাষ্ট্ৰপতিৰ ভাষণ বয়কট কৰে ।‌

চৰকাৰ যে কৃষকদৰদী আৰু কৃষকসকলৰ জীৱন যাত্ৰাৰ মান উন্নয়নত সচেষ্ট, সেই কথা বুজাবলৈ ৰাষ্ট্ৰপতিয়ে বহুকেইটা কৃষি প্ৰকল্পৰ কথা উল্লেখ কৰে । তেওঁ কয়, ‘কৃষকসকলৰ ৰ’জগাৰ নিশ্চিত কৰিবলৈ পিএম ‘কিষাণ সম্মান নিধি’ প্ৰকল্প আৰম্ভ কৰিছে চৰকাৰে । কৃষি খৰচৰ ডেৰ গুণ ন্যূনতম সমৰ্থিত মূল্য (এম এছ পি) প্ৰদান কৰা হৈছে । প্ৰধানমন্ত্ৰী ‘সুচল বিকাশ যোজনা’ৰো সুবিধা লাভ কৰিছে কৃষকসকলে ।’

বিগত বৰ্ষত প্ৰায় সম্পূৰ্ণ বছৰটোৱেই কৰ’নাৰ প্ৰকোপ আছিল দেশত । ৰাষ্ট্ৰপতিয়ে মত প্ৰকাশ কৰে যে, চৰকাৰে সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰি কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশৰ অৰ্থনীতি পুনৰ পূৰ্বৰ অৱস্থাত ঘূৰি আহিছে । ৰাষ্ট্ৰপতি ক’বিন্দে কয়, ‘কৰ’নাকালত ক্ষুদ্ৰ, মধ্যবিত্ত আৰু অতিক্ষুদ্ৰ উদ্যোগৰ বাবে আৰ্থিক পেকেজ, গৰিবকল্যাণ যোজনাৰ দৰে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । কৰ’নাৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্বক পথ দেখুওৱাই নাজিৰ সৃষ্টি কৰিছে ভাৰতে চৰকাৰে ।‌ কৰ’নাৰ টিকাকৰণ কাৰ্যসূচীও সুচাৰুৰূপে পৰিচালিত হৈছে ভাৰতত ।’

কৃষি আইনৰ লগতে শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থানসহ প্ৰায় সকলো ক্ষেত্ৰতে চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে তথা প্ৰকল্প লৈছে সকলোবোৰ কথাই উল্লেখ কৰে বক্তব্যত । আন্তৰ্জাতিক ক্ষেত্ৰত কূটনীতিত চৰকাৰে যিসমূহ সাফল্য লাভ কৰিছে সেয়াও দেশবাসীক জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে ।

Exit mobile version