নেহৰু হাইস্কুল চমুৱাগাতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

WhatsApp Image 2021 01 29 at 6.00.58 PM

বাগসাৰ জালাহ শিক্ষাখণ্ডৰ অধীনস্থ চমুৱাগাতিৰ নেহৰু হাইস্কুলৰ বাৰ্ষিক সাধাৰণ সভাখন ২৮ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হৈ যায় ৷ বিয়লি ১১-৩০ বজাত শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখনত সভাপতিগৰাকীয়ে শিক্ষকৰ দ্বায়িত্ব, কৰ্তব্য আদিৰ বিষয়ে আৰু ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ গুৰুত্বৰ ওপৰত ভাষণ ৰাখে ৷

 

ভাষণ প্ৰসংগত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত গুৰুত্ব প্ৰদান কৰি সকলো ছাত্ৰ-ছাত্ৰীকে পিতৃ মাতৃ, গুৰুজনাক শ্ৰদ্ধা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ সভাত আদৰ্শ শিক্ষকৰ ৰাজ্যিক বঁটা পোৱা কনকলতা এমই স্কুলৰ প্ৰধান শিক্ষক কামদেৱ দাসক সম্বৰ্দ্ধনা জনোৱা হয় ৷ সম্বৰ্দ্ধনা গ্ৰহণ কৰি দাসে শিক্ষকসকলক সঁচা অৰ্থত কৰ্ম পালন কৰিবলৈ আহ্বান জনায় ৷

নেহৰু হাইস্কুলৰ পৰা ২০২০ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰী চিমি দাসক মনিয়া ৰাম দাস কৃতি বঁটা প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান কৰে মনিয়া ৰাম দাসৰ নাতি তথা শিক্ষক অনাদি ৰাম দাসে ৷ একেদৰে বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰী সুনিতা দাসক মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয় ৷

নেহৰু হাইস্কুলৰ প্ৰধান শিক্ষক অনাদি ৰাম দাসে আঁত ধৰা সভাখনত শিক্ষক প্ৰবীন চন্দ্ৰ দাস, সমাজকৰ্মী মনোমোহন দাস, দেবেন্দ্ৰ বিজয় উজীৰ আদি বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰে ৷ উল্লেখ্য যে সভাৰ পূৰ্বে ৰাতিপুৱা শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীয়ে বিদ্যালয়খনৰ চৌহদত নিৰ্মাণ হ’বলগীয়া পকীবেৰৰ আধাৰশিলা স্থাপন কৰে ৷

Exit mobile version