৭০ খন দেশত কৰ’নাৰ নতুন ষ্ট্ৰেন

What are coronaviruses

কৰ’না অতিমাৰীৰ কবলত গ্ৰাস হৈছে লণ্ডন ।  চিকিৎসালয়ৰ প্ৰতিটো ৱাৰ্ডত কৰ’না ৰোগীৰ ভিৰ । ১৬ জনৰ বিছনাত ৰখা হৈছে ৩০ জনকৈ ৰোগী । বিছনাৰ অভাৱত ৰোগীক উভতাই পথাবলৈও বাধ্য হৈছে কৰ্তৃপক্ষ । ফলত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে । প্ৰতিদিন গড়ে প্ৰায় হেজাৰ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ।

ক্লান্ত হৈ পৰিছে চিকিৎসক-স্বাস্থ্যকৰ্মীকসকলো । সদ্য চিহ্নিত কৰ’নাৰ নতুন ষ্ট্ৰেন ‘২০২০১২/০১’ৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ।

কেইমাহমান পূৰ্বে ব্ৰিটেইনত প্ৰথম চিহ্নিত হৈছিল কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনটো । কিছুদিনৰ ভিতৰতে বিশ্বৰ ৭০ খন দেশত বিয়পি পৰিছে বুলি বুধবাৰে জানিবলৈ দিয়ে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে । বিগত সপ্তাহত আৰু ১০ খন দেশত বিয়পি পৰাৰ আশংকা আছে বুলি সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে সংস্থাটোৱে ।

ওহানত চিহ্নিত হোৱা পূৰ্বৰ কৰ’না ষ্ট্ৰেনৰ তুলনাত নতুন ষ্ট্ৰেনটো ৭০ শতাংশই দ্ৰুত সংক্ৰামক । বহু ই ক্ষেত্ৰত ই দ্বিতীয় সংক্ৰমণৰ কাৰক হিচাপেও পৰিগণিত হৈছে । লগতে দক্ষিণ আফ্ৰিকাত চিহ্নিত হোৱা কৰ’নাৰ নতুন ষ্ট্ৰেন অন্ততঃ ৩১ খন দেশত ধৰা পৰিছে বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে ।

বৈজ্ঞানিকসকলৰ একাংশই আশংকা প্ৰকাশ কৰে যে, নতুনকৈ চিহ্নিত হোৱা কৰ’না ষ্ট্ৰেনবোৰৰ ক্ষেত্ৰত বজাৰত উপলব্ধ প্ৰতিষেধকবোৰ কাৰ্যকৰী নহ’বও পাৰে । এই পৰিস্থিতিত অৱশ্যে আশাৰ সৃষ্টি কৰিছে ভাৰতত প্ৰস্তুত কৰা ক’ভেক্সিন আৰু জাৰ্মানীৰ সংস্থা ফাইজাৰ বায়’এনটেকে । তেওঁলোকে প্ৰস্তুত কৰা প্ৰতিষেধক ব্ৰিটেইন ষ্ট্ৰেনৰ ক্ষেত্ৰত সমকাৰ্যকৰী বুলি দাবী কৰিছে দুই সংস্থাই ।

Exit mobile version