কলডিলৰ উপকাৰীতা

fb 1456836062

★ কলডিলত প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰন, কপাৰ, ফছফৰাছ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট থাকে।

★কলডিলত থকা ফ্লেভনইড হ’ল কেৱল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ’ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটী বঢ়োৱাত সহায়ক।

★কলডিলত থকা মিথানল আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলছৰ স’তে যুঁজ দিয়ে।

★নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক অকাল বাৰ্ধক্য, স্নায়ৱিক, মানসিক ৰোগ আৰু কেঞ্চাৰে সহজে স্পৰ্শ নকৰে।

★কলডিলত থকা মেগনেছিয়ামে মানসিক অৱসাদ দুঃচিন্তা আঁতৰোৱাত সহায় কৰে।

★কলডিলে নানাবিধ স্নায়ৱিক ৰোগৰ পৰাও শৰীৰক সুৰক্ষা দিয়ে।

★ডিপ্ৰেছন আঁতৰাই মুড ভালে ৰখাত কলডিল সহায়ক।

★কলডিলে জৰায়ুক সুৰক্ষা দিয়ে ।

★ কলডিলত ফাইবাৰ থকা হেতুকে শকত লোকসকলে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত।

★ কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি হ’ল ছালৰ বাবে উপযোগী।

★ কলডিলত থকা মিথানেলৰ বাবে শৰীৰৰ বাবে

★কলডিল খালে শৰীৰৰ কটা-ছিঙা ঘা সোনকালে শুকাই।

★লৌহ পদাৰ্থ, নানাবিধ ভিটামিন আদি কলডিলত থকা বাবে হিম’গ্ল’বিনৰ উন্নতি হয়।

★ কলডিলত থকা ফাইবাৰ আৰু ফিনলিক এচিড আদি তত্ত্ব থকাৰ বাবে তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায়ক হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰে।

★কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্ত্বসমূহে শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে।

★কলডিলৰ আঞ্জা বনাই খালে মানুহৰ তেজ পৰিষ্কাৰ হয়।

★কলডিলৰ আঞ্জা মধুমেহ ৰোগীয়ে খালে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।

Exit mobile version