দুটা কমলাৰ বাবেই হত্যাৰ বলি হ’ল সাত বছৰীয়া এটি শিশু

dfd4ae89 ef12 44b4 881f f003ee030323

এক শিহৰণকাৰী,জঘন্য ঘটনা সংঘটিত হৈছে বাগসা শালবাৰীৰ গোৱৰ্দ্ধনাত ৷ দুটা কমলাৰ বাবে মামীয়েকে পুখুৰীত পানী খুৱাই খুৱাই হত্যা কৰিলে নিজ ভাগিনেকক৷ হত্যাকাৰী মহিলা গৰাকী গোৱৰ্দ্ধনাৰ মফিদা খাতুন ৷হত্যাকাৰী মফিদা খাতুনক গোৱৰ্দ্ধনা আৰক্ষীয়ে ৩০২ ধাৰাত গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷

উল্লেখ্য যে গোৱৰ্দ্ধনাৰ মুহুৰ উদ্দিন আৰু আমিৰুন নেছাৰ সাত বছৰীয়া পুত্ৰ আজিদুল আলী বিগত কিছুদিন ধৰি একে গাঁৱৰে মামীয়েকৰ ঘৰত আছিল ৷ যোৱা ২৭ জানুৱাৰীৰ পৰা তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা শিশুটোৰ মৃতদেহ শুকুৰবাৰে আবেলি ঘৰৰ ওচৰৰে এটা পুখুৰীত উদ্ধাৰ হৈছিল ৷

শিশুটোৰ পৰিয়ালৰ লোকে গোৱৰ্দ্ধনা আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই আজি শিশুটোৰ নিজ মামীয়েক মফিদা খাতুনক থানাত সোধপোছ কৰাৰ পিছত জোলোঙাৰ মেকুৰী ওলাই পৰে৷ আৰক্ষী আৰু সাংবাদিকৰ আগত মফিদা খাতুনে বগৰী খোৱাৰ চলেৰে মাতি নি পুখুৰীত পানী খুৱাই খুৱাই ভাগিনেকক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷

আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি সাত বছৰীয়া আজিদুলে মামীয়েকৰ ঘৰত বৰকৈ উৎপাত কৰি আহিছিল,ফলমূল বা অন্য খাদ্যপাতিও যতেই পায় আজিদুলে সেইয়া খাই পেলায় আৰু ২৭ জানুৱাৰীৰ দিনাও মামীয়েকৰ ঘৰত থকা দুটা কমলা শিশু আজিদুলে খোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ ভাগিন আজিদুলক হত্যা কৰাৰ পৰিকল্পনা কৰি ঘৰৰ সমীপৰে এটা পুখুৰীৰ পাৰলৈ বগৰী খোৱাৰ চলেৰে মাতি নি পানী খুৱাই খুৱাই হত্যা কৰে আৰু মৃতদেহটো পুখুৰীতেই এৰি থৈ আহে৷ উল্লেখ্য যে গোৱৰ্দ্ধনা আৰক্ষী থানা চৌহদত আজি অঞ্চলটোৰ বহু পুৰুষ মহিলা উপস্থিত হৈ শিশু হত্যাকাৰী মফিদা খাতুনৰ ফাঁচীৰ দাবী তুলি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে৷

Exit mobile version