বন্ধুৱে হত্যা কৰিলে বহিঃৰাজ্যত কৰ্মৰত বাগসাৰ শিমলাৰ যুৱকক

Woman Outlookindia 630 630 571 855 571 855 1

দুই বন্ধুৰ মাজত এখন সৰু কাজিয়া আৰু কাজিয়াৰ পৰিণতিত হত্যাৰ বলী হ’ল বন্ধু ৷ বাগসা শিমলা আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰৰ প্ৰাঞ্জল দাস(২৫) নামৰ যুৱকজনে জালাহ বিলপাৰৰ টিকেন দাসৰ পুত্ৰ হৰেকৃষ্ণ দাস নামৰ যুৱকজনৰ স’তে প্ৰায় এবছৰ ধৰি গুজৰাটৰ কোম্পানীত কৰ্মৰত আছিল ৷

তাৰ মাজতে সাধাৰণ কথাক লৈ দুয়ো বন্ধুৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু বন্ধু হৰেকৃষ্ণ দাসে কুকাৰেৰে প্ৰাঞ্জল দাসৰ মূৰত আঘাত কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰাঞ্জল আৰু ঘটনাৰ তিনিদিন পিছত মৃত্যুক আঁকোৱালি ল’বলগা হয় প্ৰাঞ্জল দাসে ৷

শুকুৰবাৰে গুজৰাটৰ পৰা এম্বুলেন্সযোগে নিশা নিজ গৃহ বাগসা শিমলাৰ শান্তিপুৰত প্ৰাঞ্জল দাসৰ মৃতদেহ আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ সম্প্ৰতি পলাতক অৱস্থাত থকা হৰেকৃষ্ণ দাসৰ বিৰুদ্ধে প্ৰাঞ্জল দাসৰ পৰিয়ালৰ লোকে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে৷

Exit mobile version