এখন গাঁৱৰ ব্যতিক্ৰমী পদক্ষেপ

26936

আৰোগ্য হোৱা ন টা শগুন মুকলি

 

তিনিচুকীয়া জিলাৰ ছৈখোৱা উন্নয়ন খণ্ডৰ  গাখীৰভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ধূলিজান গাঁৱত গো মাংস ভক্ষণ কৰি মৃত্যু হোৱা প্ৰকৃতিৰ চৰ্দাৰ স্বৰূপ শগুনৰ নামত ৰাজহুৱা শ্ৰাদ্ধ অনুষ্ঠিত কৰে । উল্লেখ্যযোগ্য যে, ১৮ আৰু ১৯ জানুৱাৰীত ধূলিজান-বৰগড়া খেতি পথাৰত মৃত গৰু ভক্ষণ কৰি অৰ্ধশতাধিক শগুন মৃত্যুৰ লগতে অসুস্থ হৈ পৰে ।

তিনিচুকীয়াৰ বন বিভাগ আৰু গুইজানস্থিত পশু চিকিৎসা বিভাগৰ জৰিয়তে ৩০ টান মৃত আৰু ১৭ টা অসুস্থ শগুন উদ্ধাৰ কৰা হয় । পশু চিকিৎসা বিভাগে অসুস্থ শগুনকেইটা চিকিৎসাৰ বাবে লৈ যোৱাৰ পাছত ১০ টা শগুন সুস্থ কৰি তুলে । আজি ১৮ আৰু ১৯ জানুৱাৰীত বিলুপ্তপ্ৰায় পক্ষী শগুন মৃত্যু আৰু মুক্তি দিয়াৰ ওপৰত ধূলিজান গাঁৱৰ খেতি পথাৰত এখন সজাগতা সভা অনুস্থিত কৰা হয় ।

গুইজান পূৰ্বোত্তৰ চক্ৰৰ ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা কেন্দ্ৰ, ডুমডুমা বন সংমণ্ডল, ন ধূলিজান যুৱ মিলন সংঘ আৰু ভকত বৃন্দৰ উদ্যোগত বেতনী, তামুলী, বৰগড়া যুৱক সংঘ, ন ধূলিজান মিলনজ্যোতি মহিলা সমিতি, ইভাৰগ্ৰীণ এন জি অ, গ্ৰীণ বাৰ্ড এন জি অ, সংবাদ সেৱকসকল, নেচাছ বেকন আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰকৃতি সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

গো মাংস ভক্ষণ কৰি মৃত্যু হোৱা শগুনকৈইটাৰ আত্মাৰ সদগতি কামনা কৰি মৃত ৩৬টা শগুনৰ নামত ৩৬গছি বন্তি প্ৰজ্বলন কৰে । সম্পূৰ্ণ মৰাণ জনগোষ্ঠীৰ ধৰ্মীয় নীতি – নিয়মৰ মাজেৰে অনুষ্ঠিত হোৱা শ্ৰাদ্ধৰ অন্তত প্ৰকৃতিক সুৰক্ষা প্ৰদানৰ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হয় ।

সভাখনত ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা কেন্দ্ৰৰ দিল্লীৰ চিইঅ বিবেক মেনন, কাজিৰঙাৰ ৱাইল্ড লাইফ ট্ৰাষ্ট ইণ্ডিয়ায় চিনিয়ৰ ডাইৰেক্টৰ ৰথিন বৰ্মন, ডুমডুমা বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক উত্তম বসুমতাৰী, ইভাৰগ্ৰীণৰ বিজয় গগৈ, গ্ৰীণ বাৰ্ডৰ ত্ৰিনয়ন গগৈ, নেচাছ বেকনৰ দিগন্ত মৰাণ, প্ৰকৃতি প্ৰেমী হীৰা ফুকন, বুলবুল মাউট, মটক যুৱ ছাত্ৰ সন্মিলনৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই, গুইজানৰ ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা কেন্দ্ৰৰ খনিন চাংমাইকে ধৰি ভালে কেইগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকে ।

আজি সুস্থ হোৱা ন টা শগুন পথাৰখনত মুকলি কৰি দিয়া হয় ।

Exit mobile version