চিৰাঙৰ পানবাৰীত ফৰেষ্ট গাৰ্ডৰ ৰহস্যজনক আত্মহত্যা

Screenshot 194

হত্যা কৰি চিপলোৱা বুলি দেখুৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ

 

চিৰাঙৰ পানবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত ফৰেষ্ট গাৰ্ডৰ ৰহস্যজনক আত্মহত্যা । আত্মহত্যা কৰা ফৰেষ্ট গাৰ্ড জনৰ নাম উৎপল বৰ্মন । জিলাখনৰ চিদলীৰ বাসিন্দা আছিল বৰ্মন । ফৰেষ্ট গাৰ্ড উৎপল বৰ্মনৰ পৰিয়ালবৰ্গই দাবী কৰে যে, তেওঁ মানাহৰ গাভৰুখুন্দা বিটত কৰ্মৰত আছিল । তাতেই কেইজনমান সতিৰ্থৰ সৈতে যোৱা চাৰি জানুৱাৰীত শহাপহু হত্যা কৰি ভোজ খোৱাৰ অভিযোগ উত্থাপন হৈছে ।

এই অভিযোগৰ পাছতে বিভাগীয় তদন্তৰ সন্মুখীন হৈছিল অভিযুক্ত বন কৰ্মী কেইজন । তদন্তৰ প্ৰক্ৰিয়াৰ মাজতে বিভাগীয়ভাৱে মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ বলি হৈছিল ফৰেষ্ট গাৰ্ড উৎপল বৰ্মন । কালি মানাহৰ বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাৰ কাৰ্য্যালয়ত তদন্তৰ নামত শাৰীৰিক অত্যাচাৰৰ বলি হোৱা বুলি জানিব পৰা গৈছে । নিশা পানবাৰী বনাঞ্চলিক বিষয়া অভিজিত দুৱৰাৰ তত্বাৱধানত আছিল আৰু তাতেই মাজ নিশা চিপলৈ আত্মহত্যা কৰে বন কৰ্মীজনে ।

আত্মহত্যা কৰা ফৰেষ্ট গাৰ্ড উৎপল বৰ্মনৰ ভাতৃ উত্তম কুমাৰ বৰ্মনে অভিযোগ কৰে যে, নিশা তেওঁলোকক অত্যাধিক মাৰ-পিট কৰিছিল তদন্তৰ নামত । নিশা তদন্তৰ নামত মাৰ-পিট কৰাৰ পাছত বনাঞ্চলিক বিষয়াই আনি ঘৰত ৰাখিছিল । বৰ্মনৰ মোবাইলটোও বনাঞ্চলিক বিষয়াই লৈ লৈছিল । ফোন কৰিব দিয়া নাছিল । পৰিয়ালৰ লোকৰ সন্মুখতে মাৰ-পিটৰ অভিযোগ পৰিয়ালৰ লোকৰ ।

ৰাতিপুৱা বিভাগীয় লোকে পৰিয়ালক দুৰ্ঘটনা হোৱা বুলি খবৰ দিয়ে । পৰিয়ালৰ লোকে চিপলোৱা মৃতদেহ দেখি কয় যে, এয়া পৰিকল্পিত হত্যাকাণ্ড । দণ্ডাধীশ পৰ্য‍্যায়ৰ তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

ইপিনে, এই বিষয়ে পানবাৰী বনাঞ্চলিক বিষয়া অভিজিত দুৱৰাই কয়, ‘হয় ইয়াত তদন্ত এটা হৈ আছিল । এনে সময়ত বিভাগীয় তদন্তৰ মাজতে সঞ্চালকে নিজে মাতি লৈ সোধ-পোচ কৰিছে। বিভাগীয় কি হয় সেয়া পাছৰ কথা মোক দিয়া দায়িত্ব অনুসৰি মই আনি থকাৰ ব্যৱস্থ্যা কৰিছিলো । তাৰ মাজতে নিশা এই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ।

এইখিনিতে উল্লেখ‍্য যে, যোৱা ২০১৮তো এই পানবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্য‍্যালয়ত একেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এজন বনকৰ্মীক হত‍্যা কৰা বুলি জানিব পৰা গৈছে ।

পানবাৰী আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষণৰ বাবে জিলা সদৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
পৰিয়ালৰ লোকে দাবী জনায় দণ্ডাধীশৰ উপস্থিতিত মৰনোত্তৰ পৰীক্ষা হ’ব লাগে অন‍্যথা মৃতদেহ চমজি নলয় পৰিয়ালবৰ্গৰ লোকে ।

Exit mobile version