শালবাৰীত বন্যহস্তীৰ গচকৰ পৰা কথমপি প্ৰাণ ৰক্ষা এজনৰ

WhatsApp Image 2021 01 31 at 5.13.38 PM

বন্যহস্তীৰ আক্ৰমণৰ এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে বাগসা শালবাৰীৰ বাৰাপেটাত ৷ যোৱা ২০ জানুৱাৰীত একেখন গাঁৱতে বন্যহস্তীয়ে হত্যা কৰিছিল জয়দেৱ দাস নামৰ এগৰাকী লোকক ৷

তাৰ উত্তেজনা মাৰ নাযাওতেই শনিবাৰে নিশা বন্যহস্তীয়ে পুনৰ আক্ৰমণ চলায় অঞ্চলটোত ৷ মানাহৰ পৰা ওলাই অহা প্ৰায় ৫০-৬০ টা বন্যহস্তীৰ বৃহৎ জাকে তাণ্ডৱ সৃষ্টি কৰে অঞ্চলটোৰ কৃষিভূমিত ৷

তাৰোপৰি বন্যহস্তীৰ বৃহৎ জাকটোৱে এটা পৰিয়ালক ঘেৰি ধৰি,ঘৰ দুৱাৰ ভাঙি আক্ৰমণ চলায়৷ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰাৰ শিহৰণকাৰী বৰ্ণনা দিয়ে জীতেন চৌধুৰী নামৰ লোকজনে ৷

প্ৰতিদিনে বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি হৈছে যদিও বনবিভাগে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত ক্ষোভ উজাৰে ভূক্তভোগী ৰাইজ  ৷

Exit mobile version