ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা ৰাভা জাতিৰ সংগ্ৰামী নেতা ভবানী প্ৰসাদ ৰাভাই আজি পুৱা পাঁচ বজাত বিয়োগ ঘটে ৷ বিগত দিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ ৫৮ বছৰ বয়সত বকোৰ শাখাতিৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ভবানী প্ৰসাদ ৰাভাই ।
বকো ৰায়পাৰা সেৱাশ্ৰম ভাৰত সেৱক সদনত প্ৰাথমিক আৰু হাইস্কুল পৰ্যায় অতিক্ৰম কৰি কটন কলেজত হায়াৰ ছেকেণ্ডৰী আৰু ধূপধাৰা বিকালী কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈছিল ৰাভাই। ৰাভা হাছং আন্দোলনৰ বাবে সংগ্ৰামী নেতাগৰাকীয়ে বেংকৰ চাকৰি বাদ দিছিল।
বকো ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, বন্দাপাৰা হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীৰ মৃত্যুত বৃহত্তৰ বকো অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।