২০১৯-২০ বিত্তীয় বৰ্ষৰ লোক নিৰ্মান আছুতীয়া পুঁজিৰ অধীনত নিৰ্মাণ হ’ব লগা সাত তাকৈ গড় কাপ্তানি পথৰ আধাৰশিলা স্থাপন কৰি কাকমাৰি আৰু কপাহৰেত বিধায়িকা আঙুৰলতা ডেকাই কয়, কৰ’না মহামাৰী আৰু লকডাওনৰ বাবে উন্নয়ন মূলক কাম কাজ সমূহ বহু পিছুৱাই গৈছিল।
কিন্তু লকডাওনৰ শিথিলতাৰ পিছত বিটিচি নিৰ্বাচনৰ প্ৰচাৰত পূর্ণ ব্যস্ত থকাৰ বাবে এই কামৰ আধাৰশিলা স্থাপন কৰিব পৰা নাছিলো। বিটিচি নিৰ্বাচনত ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা সেই একেই উৎসাহ আৰু উদ্দীপনা আজি আধাৰশিলা স্থাপন ৰাইজৰ মাজত দেখিবলৈ পোৱা গ’ল।
বটদ্ৰবা থানৰ বহু তীৰ্থ যাত্রিৰ প্ৰতি লক্ষ্য ৰাখি আজি তাতো এতি পৰিদৰ্শন বাংলাৰ উদ্বোধন কৰে বিধায়িকা গৰাকীয়ে ।উল্লেখ্য যে, বিধায়িকা আঙুৰলতা ডেকাই আজি আধাৰশিলা স্থাপন কৰা আটাই কেইতা কামৰে প্ৰাককলন মূল্য প্ৰায় ২০ লাখ্য টকা । আধাৰ শিলা অনুষ্ঠানত বিধায়িকা গৰাকীৰ লগত গড় কপ্তানী বিভাগৰ সহ অভিযন্তা হিমাংশু দাস ,কনিষ্ঠ অভিযন্তা অসীম কুমাৰ নাথৰ লগতে ঠিকাদাৰ বিকাশ বেদ আৰু ৰিষব জৈন উপস্হিত আছিল

