শিক্ষা ক্ষেত্ৰৰ উন্নয়ণৰ বাবে কঠোৰ পদক্ষেপেৰে আগবাঢ়ি যোৱা হব :গোবিন্দ চন্দ্ৰ বসুমতাৰী

c5ed748f 60c1 4462 a359 50e1b705a8f6

আজি চিৰাং জিলা সদৰ কাজলগাঁওত শিক্ষক সকলৰ শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ(ডায়েট)ৰ পুৰ্ব্বতে এচচিআৰটিৰ ধনেৰে নিৰ্মান কৰি ওলোৱা ভৱনৰ উদ্ধোধন কৰে বিটিআৰ উপ মুখ‍্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।ইয়াৰ পুৰ্বে ফিতা কাটি উদ্ধোধন কৰে বিটিআৰ বন বিভাগৰ কাৰ্য‍্যবাহি সদস‍্য ৰঞ্জিত বসুমতাৰীয়ে।

বন্তি প্ৰজ্বলন কৰে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে। লগত থাকে বিটিআৰ মনোনিত সদস‍্য (এমচিএলএ ) প্ৰদিপ বায়ন আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া ভৱেন দেউৰি,বিদ‍্যালয় সমুহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ সহ বহু শিক্ষক কৰ্মচাৰী আৰু বিষয়া সকল।উদ্ধোধনি সভাত মুখ‍্য অতিথি হিচাবে উপস্থিত থাকি বিটিআৰ উপমুখ‍্য গোবিন্দ বসুমতাৰীয়ে নিজৰ শিক্ষকতা জীৱন,সংগ্ৰামী জীৱনৰ বিষয়ে বৰ্ণনা দিয়াৰ লগতে বিটিচিৰ শিক্ষা ব‍্যৱস্থাৰ উন্নয়ণৰ বাবে সকলো ব‍্যৱস্থা গ্ৰহণৰ আস্বাস দিয়ে ।

তেওঁ কয় যে বিগত ১৭ বছৰে অৱহেলিত হৈ থকা বিটিচিৰ শিক্ষা ব‍্যৱস্থাৰ আমুল পৰিৱৰ্তন কৰিব। বিশেষকৈ গ্ৰামাঞ্চলৰ শিক্ষাৰ উন্নয়ণৰ বাবে শিক্ষক দিয়াৰ কথাও কয় । গ্ৰামাঞ্চলত যাব নিবিচৰা শিক্ষক সকলে চাকৰি এৰিব লাগিব বুলিও কয়। কোনো বিদ‍্যালয়ত শিক্ষক কম বা বেছি হব নোৱাৰিব ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক দিয়াৰ কথা কয়। শিক্ষা বিভাগ সম্পূৰ্ণ ৰাজনীতি মুক্ত কৰাৰ কথাও কয়।

Exit mobile version