হোজাইত বহি:ৰাজ্যলৈ কিশোৰী-যুৱতী সৰবৰাহ কৰাৰ সময়তে উদ্ধাৰ ১১ গৰাকী কিশোৰী-যুৱতী: আটক তিনি মহিলাসহ এজন যুৱক

28d69e54 3b4b 4903 9cc9 eb4bebfebe52

ৰাজ্যত নাৰী সৰবৰাহ চক্ৰৰ তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে হোজাই আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে৷ বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে উদ্ধাৰ কৰে ১১ গৰাকী কিশোৰী আৰু যুৱতীক৷ এই যুৱতী,কিশোৰী সকলক আজি পুৱা মুম্বাই, কেৰেলা আদিলৈ সৰবৰাহ কৰাৰ কথা আছিল৷ কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে তিনিচুকীয়া তথা ইয়াৰ আশে পাশে থকা অঞ্চলৰ পৰা লৈ আহিছিল এই নাৰী সৰবৰাহকাৰী এটা চক্ৰই৷

হোজাই জিলা উপ আৰক্ষী অধীক্ষক দীপ্তি মালিয়ে এক গোপন সুত্ৰত এই নাৰী সৰবৰাহকাৰী চক্ৰটোৰ তথ্য লাভ কৰাৰ লগতে সৰবৰাহকাৰী চক্ৰটোৰ লগত ১১ গৰাকী কিশোৰী আৰু যুৱতী থকাৰ তথ্য লাভ কৰে ৷ উপ আৰক্ষী অধীক্ষক গৰাকীয়ে হোজাইৰ মোৰাঝাৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বু আৰু দেৱস্থান উপ আৰক্ষী চকীৰ আৰক্ষী বিষয়া ধনেশ্বৰ দাসৰ সহযোগত আৰক্ষীৰ এটা দলে যোৱা নিশা ডবকাৰ যমুনাগাঁৱত অভিযান চলায়৷

আৰক্ষীৰ অভিযানৰ উমান পাই নাৰী সৰবৰাহকাৰী চক্ৰটোৱে কিশোৰী সকলক ভয় ভাবুকিৰে আন্ধাৰৰ সুযোগত যমুনাগাঁৱৰ এখন পথাৰত নি লুকুৱাই ৰাখে ৷ আৰক্ষীয়ে গোটেই অঞ্চলজুৰি অভিযান চলাই অৱশেষত যমুনা গাঁৱৰ পথাৰত লুকাই থকা ৭ গৰাকী কিশোৰী আৰু ৪ গৰাকী যুৱতীসহ মুঠ ১১ গৰাকীক সৰবৰাহকাৰী চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰে ৷ বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি তৎকালীনভাৱে অভিযান চলাই উদ্ধাৰ কৰে এই কিশোৰী আৰু যুৱতীসকলক ৷

আৰক্ষীয়ে নাৰীসৰবৰাহকাৰী চক্ৰৰ লগত জড়িত তিনিগৰাকী মহিলাৰ লগতে কমৰুল নামৰ এজন যুৱকক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে৷এইসকল নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত এটা আন্তৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ মূল আন এক মহিলাক বিচাৰি অভিযান আৰম্ভ কৰিছে৷ স্থানীয় ৰাইজে আৰক্ষীৰ এই ভূমিকাক প্ৰশংসা কৰি নাৰী সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ দাবী জনাইছে

Exit mobile version