অখিল গগৈৰ মুক্তিৰ দাবী আৰু ভূমিহীনক মাটি আৱণ্টণ দিয়াৰ দাবীত ধুবুৰীত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট

Screenshot 198

ভূমিহীনক মাটি আৱণ্টণ দিয়া আৰু অখিল গগৈক মুক্তিৰ লগতে ‘কা’ আইন বাতিলৰ দাবীকে ধৰি একাধিক দাবীৰ ভিত্তিত আজি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধুবুৰী জিলা কৃষকমুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে তিনি ঘন্টিয়া অৱস্থান ধৰ্মঘট পালন কৰে। জিলা কৃষকমুক্তিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত কৃষকমুক্তিৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে ধুবুৰী জিলাৰ বহু সংখ্যক ভূমিহীন পৰিয়ালক ভূমি আৱণ্টণ দিয়াৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে আবেদন কৰিছিল । কিন্তু সেইসকল ভূমিহীন পৰিয়ালক ভূমি আৱণ্টণ নিদি একাংশ পুঁজিপতিক ভূমি আৱণ্টণ দিয়া বুলি অভিযোগ উত্থাপন কৰে কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে।

আনহাতে, ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত সাধাৰণ ৰাইজক বিভিন্ন কামৰ নামত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰে জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে। লগতে কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ বাবেও দাবী উত্থাপন কৰে আৰু অখিল গগৈৰ বিৰুদ্ধে বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে, ইয়াৰ আঁৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত থকা বুলিও উল্লেখ কৰে কৃষকমুক্তিয়ে ।

লগতে কৃষকমুক্তিৰ নেতা অখিল গগৈক মুক্তি দিলে অসমৰ পৰা বিজেপি নোহোৱা হ’ব বুলি কৈ অখিল গগৈক বিজেপিয়ে ভয় কৰে বুলি উল্লেখ কৰে জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে ।

শেষত সংগঠনটোৰ ফালৰ পৰা জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Exit mobile version