আপেলৰ উপকাৰিতা

3cc35844adabc2544c8decf795187645

★দৈনিক এটাকৈ আপেল খালে অগ্নাশয় কেন্সাৰৰ সম্ভৱনা প্ৰায় ২৩ শতাংশ কমি যায়। কাৰণ আপেলত প্ৰচুৰ পৰিমাণে ফ্লেভনেল থাকে।

★যিসকল লোকে প্ৰায় প্ৰতিদিনে আপেল খায়, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা প্ৰায় ২৮% কমি যায়।

★ আপেলত থকা ফাইবাৰে তেজত শৰ্কৰাৰ পৰিমাণ সঠিক ৰখাত সহায় কৰে।

★তদুপৰি আপেলত থকা ফাইবাৰে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখে।

★আপেলত থকা ফেনলিক নামৰ উপাদানবিধে ৰক্তনলীৰ পৰা কলেষ্টেৰেল দূৰ কৰাত সহায় কৰে। ইয়াৰ ফলত হাৰ্টৰ তেজ চলাচল স্বাভাৱিক থাকে আৰু হৃদযন্ত্ৰৰ কোনো ক্ষতি হোৱাৰ আশংকা কমি যায়।

★ ডায়েৰিয়া অথবা কোষ্ঠ-কাঠিন্য দূৰ কৰাৰো অন্যতম ঔষধ আপেল।

 

★ওজন বৃদ্ধিৰ বাবেই আমাৰ শৰীৰত ডায়েবেটিছ, হাড়ৰ ৰোগ আদি কত কি যে নহয়! এই আটাইবোৰ ৰোগৰ পৰা যদি উপশম বিচাৰে, তেন্তে দৈনিক আপেল খোৱাৰ অভ্যাস গঢ়ি তোলক।

★কম কেলৰিযুক্ত তথা ফাইবাৰ সমৃদ্ধ আপেলে পেট ভৰাই ৰখাত সহায় কৰে। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয়।

★ আপেলে লিভাৰ ১০০% ভালে ৰাখিব পাৰে। আপেলে অতি সহজে লিভাৰত জমা হোৱা ক্ষতিকাৰক উপাদান বাহিৰ হৈ যোৱাত সহায় কৰে।

★আপেলত থকা এন্টি অক্সিডেন্টবিধ কুয়েৰচেটিল নামেৰে পৰিচিত। ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে আৰু আমাৰ শৰীৰ ভালে ৰখাত সহায় কৰে।

★আপেলৰ ব্যৱহাৰে শৰীৰৰ কলেষ্ট্ৰলৰ মাত্ৰ হ্ৰাস কৰে।

★মধুমেহ ৰোগীৰ বাবে আপেল অতি উপকাৰী ।

★ আপেল খালে শ্বাস কষ্ট দূৰ কৰে ।

★ই আমাৰ শৰীৰক বহুতো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ।

Exit mobile version