পুনৰ বিতৰ্কৰ মাজত কংগনা ৰাণাৱত

navbharat times

বিশ্ববিখ্যাত আমেৰিকান গায়িকা ৰিহানাক তুলাধূনা কংগনাৰ । ৰিহানাৰ “অপৰাধ” কৃষক আন্দোলনৰ তিনি কৃষি আইনৰ বিৰুদ্ধে পক্ষ লৈছে গায়িকাগৰাকীয়ে । কংগনা ৰাণাৱতে ৰিহানাক পপ গায়িকাৰ পৰিৱৰ্তে পৰ্ণ গায়িকা বুলি সম্বোধন কৰিলে । কাংগনা ৰাণাৱতে যোৱা তিনি মাহ ধৰি জনআন্দোলনৰ বিৰুদ্ধে যুঁজি আছে।

দিলজিৎ দোচাঞ্জ, স্বৰা ভাস্কৰ, ৰিচা চাড্ডাৰ পৰা তেওঁ বহুতো বলিউড তাৰকাৰ স’তে বিবাদত আছিল। এইবাৰ অভিনেত্ৰীগৰাকীয়ে আন্তৰ্জাতিক পৰ্যায়লৈ স্থানান্তৰিত হৈছে। চেলুলইডত নহয়, টুইট যুদ্ধত নামিছে বলিউডৰ কুইন। কংগনাই টুইটাৰত এটা প’ষ্ট ৰিটুইট কৰিছিল।

প’ষ্টটো টুইট কৰা নেতাজনে লিখে, “জগমিত সিঙৰ স’তে ৰিহানাৰ বন্ধুত্ব । জগমিতৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল, তেওঁ সন্ত্ৰাসবাদীক টকা পঠায় ।” প’ষ্টটোৰ এটা ভিডিঅ’ আছে। ইয়াৰ পৰা বুজা যায় যে, তেওঁ ৰিহানাক টুইটাৰত অনুসৰণ কৰিছ, আৰু সেয়ে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছে।

https://twitter.com/KanganaTeam/status/1356640083546406913?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1356640083546406913%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.news18.com%2Fnews%2Fmovies%2Fkangana-faces-heavy-social-media-backlash-for-countering-rihannas-tweet-3382034.html

প’ষ্টটো শ্বেয়াৰ কৰি কংগনাই লিখে, সন্ত্ৰাসবাদীৰ ‘পৰ্ণ’ গায়িকা ৰিহানাৰ স’তে বন্ধুত্ব আছে। কংগনায়ে লগতে দাবী কৰিছে যে, ৰিহানাই যৌনসম্ভোগৰ সহায়ত নিজৰ গান বিক্ৰী কৰিছিল ।

ব্যক্তিগত আক্ৰমণ কৰা অভিনেত্ৰীগৰাকীয়ে কয়, “শাস্ত্ৰীয় গায়ক আৰু শাস্ত্ৰীয় শিল্পীসকলৰ বাহিৰে, এনে মধ্যবিত্ত গায়কসকলে তেওঁলোকৰ গানবোৰ মানুহক বিক্ৰী কৰাৰ বাবে মঙহাল শৰীৰৰ ওপৰত নিৰ্ভৰশীল। শৰীৰৰ ব্যক্তিগত অংশ দেখুৱাই জনপ্ৰিয়তা লাভ কৰে তেওঁলোকে ।”

Exit mobile version