বকোত বিধায়িকাৰ এখন ফটোৱে তুলিছে খলকনি, ছ’ছিয়েল মিডিয়াত লগাইছে তোলপাৰ

WhatsApp Image 2021 02 03 at 6.10.41 PM

বকোৰ বিধায়িকা নন্দিতা দাসৰ এখন ফটোৱে বকো সমষ্টিত লগাইছে খলকনি ৷ ছ’ছিয়েল মিডিয়াত বিধায়িকা গৰাকীৰ ওপৰত চলিছে ট্ৰ’ল ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত বকোৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাস ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কেক খুৱাই থকা অৱস্থাত বিধায়িকাগৰাকীৰ উপস্থিতি ধৰা দিছে এই ফটোখনৰ জৰিয়তে ৷ এই ফটোখনে এতিয়া বকো সমষ্টিত বিশেষ ভাবে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ পিছে ফটো খনৰ আঁৰৰ কাহিনী বিধায়িকা গৰাকীৰ নিজ মুখেৰে শুনক ৷

এইখন আচলতে কামৰূপ উপায়ুক্ত কৰ্যালয়ৰ উদ্ধোধনৰ উঠোৱা ফটোহে ৷ নৱ নিৰ্মিত কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ উদ্ধোধনি অনুষ্ঠানত নিমন্ত্ৰণ লাভ কৰিছিল বিধায়িকা গৰাকীয়ে ৷ ইপিনে কামৰূপ উপায়ুক্তৰ কোঠাতে মন্ত্ৰী হিমন্তৰ জন্মদিন অনুষ্ঠিত কৰিছিল বুলি দাবী কৰে নন্দিতা দাসে ৷

Exit mobile version