বন্ধুত্ব আৰম্ভ : ভাৰতক এফ-১৫ ই এক্স যুঁজাৰু বিমান যােগান ধৰিবলৈ সন্মত বাইডেন

f 15

ভাৰতীয় বায়ুসেনাই অচিৰে আমেৰিকাৰ সবাতােকৈ অত্যাধুনিক যুঁজাৰু বিমান এফ-১৫ ই এক্সৰ যােগান লাভ কৰিব পাৰে। ভাৰতৰ স’তে বন্ধুত্ব অধিক সুদৃঢ় কৰাৰ সংকেত দি আমেৰিকাৰ চৰকাৰে এফ-১৫ শৃংখলাৰ সবাতােকৈ নতুন সংস্কৰণৰ বিমান ভাৰতক যােগান ধৰিবলৈ সন্মতি প্ৰকাশ কৰিলে।

এই বিমান বহু ব্যৱহাৰােপযােগী হােৱাৰ লগতে সকলাে বতৰতে আৰু নিশাও অভিয়ানত ব্যৱহাৰ বাবে সমানে উপযােগী। ব’য়িং ইণ্টাৰনেচনেল ছেলছ এণ্ড ইণ্ডাষ্ট্রিয়েল পার্টনাৰশ্বিপৰ উপাধ্যক্ষ মাৰিয়া এইচ লেনে কয় যে ভাৰত আৰু আমেৰিকা চৰকাৰৰ মাজত হােৱা আলােচনাৰ অন্তত দুয়ােখন দেশৰ বায়ুসেনাই এফ-১৫ ই এক্স বিমানৰ সন্দৰ্ভত তথ্যপাতিৰ বিনিময় কৰে। ভাৰতে এই শ্ৰেণীৰ বিমান ক্ৰয়ৰ বাবে প্রদর্শন কৰা আগ্রহক আমেৰিকাৰ চৰকাৰে স্বীকাৰ কৰা বুলি মাৰিয়াই জানিবলৈ দিয়ে।

ব’য়িং প্রতিষ্ঠানটোৱে লগতে কয় যে অহা সপ্তাহত বাংগালুৰুত অনুষ্ঠিত হ’ব লগা এয়াৰ ইণ্ডিয়া ২০২১ প্রদর্শনী এফ-১৫ ই এক্স বিমান প্রদর্শন কৰা হ’ব।জ’ বাইডেনৰ প্ৰশাসনে এই কথা প্রকাশ কৰি লগতে কয় যে ভাৰতক এই শ্রেণীর উন্নত প্রযুক্তি যুঁজাৰু বিমান যােগান ধৰিবলৈ সিদ্ধান্ত লৈ আমেৰিকাই ভাৰতৰে বন্ধুত্ব অধিক সুদৃঢ় কৰাৰ ইংগিত দিলে। এফ-১৫ ই এক্স হৈছে এই শ্ৰেণীৰ পুৰণি বিমানৰ তুলনাত অধিক অস্ত্রবহনত সক্ষম যুঁজাৰু বিমান আৰু এই বিমানখনে হাইপাৰছনিক ক্ষেপণাস্ত্র অর্থাৎ শব্দতকৈ পাঁচগুণ অধিক দ্রুতগতিৱে ক্ষেপণাস্ত্র পৰিহণ কৰিবলৈ সক্ষম।

অত্যাধুনিক ডিজিটেল ইঞ্জিনিয়াৰিং আৰু ছফটৱেৰৰ দ্বাৰা এফ-১৫ ই এক্স বিমানৰ নতুন সংস্কৰণ তৈয়াৰ কৰা হৈছে। এই বিমান কে’বা দশক ধৰি সহজে উন্নীত কৰাৰাে ব্যৱস্থা আছে। শত্ৰুৰ দৃষ্টিত ধূলি দি এফ-১৫ ই এক্স বিমানে যিকোনাে অঞ্চলৰ আকাশমার্গত প্রৱেশ কৰি শত্ৰুৰ ঘাটিত ভয়াৱহ আক্ৰমণ অনায়াসে সংঘটিত কৰিবলৈ সক্ষম বুলিও ইয়াৰ
নির্মাতাই দাবী কৰিছে।

Exit mobile version