ৰিহানাৰ পাছত গ্ৰেটা থুনবাৰ্গৰ কৃষক আন্দোলনক সমৰ্থন

After Rihanna Greta Thunberg

নতুন তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলনৰত কৃষকসকলক সহযোগ কৰে গ্ৰেটা থুনবাৰ্গেও । পৰিৱেশ আন্দোলনৰ স’তে জড়িত থকা এই যুৱকজনে মংগলবাৰে নিজ টুইটাৰত শ্বেয়াৰ কৰে এটা লিংক । চিএনএনৰ সেই লিংক শ্বেয়াৰ কৰি ভাৰতত আন্দোলনৰত কৃষকসকলৰ কাষত থকাৰ বাৰ্তা প্ৰেৰণ কৰে তেওঁ । গ্ৰেটাৰ পূৰ্বে সেই একেই লিংক শ্বেয়াৰ কৰি কৃষকসকলৰ সমৰ্থনত‌ থকাৰ বাৰ্তা প্ৰেৰণ কৰিছিল আমেৰিকাৰ পপষ্টাৰ ৰিহানাই ।

ইয়াৰ পূৰ্বে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতৰ কৃষক আন্দোলনক সমৰ্থন কৰে । ইয়াৰ প্ৰত্যোত্তৰো দিছিল বৈদেশিক মন্ত্ৰণালয়ে । মংগলবাৰে ৰিহানাই কৃষক বিক্ষোভৰ লিংক শ্বেয়াৰ কৰি লিখে, ‘কিয় আমি এই বিষয়ত মাত মতা নাই ?’ ভাৰতত আৰম্ভ হোৱা কৃষক আন্দোলন আন্তৰ্জাতিক মহলৰো আলোচনাৰ বিষয়বস্তু হোৱা উচিত বুলি সংক্ষিপ্ত বৰ্তাযোগে বুজাই দিব বিচাৰে তেওঁ ।

ৰিহানাৰ টুইটত উভতাই আক্ৰমণ কৰে বলীউড অভিনেত্ৰী কংগনা ৰণাৱতে । ৰিহানাৰ বিৰোধিতা কৰি তেওঁ টুইটত লিখে, ‘কোনেও এই বিষয়ত মাত মতা নাই, কাৰণ তেওঁলোক কৃষক নহয় জঙ্গী । যিয়ে দেশখনক ভাগ কৰিব বিচাৰিছে । যাতে টুকুৰা টুকুৰ হৈ পৰা আমাৰ দেশখনক নিয়ন্ত্ৰণত ল’ব পাৰে চীনে আৰু চীনা উপনিবেশ সৃষ্টি কৰিব পাৰে । যেনেকৈ আমেৰিকাত হৈ‌ আছে ।’

Exit mobile version