অবৈধ চোৰাং কাঠৰ সৰবৰাহ বন্ধ কৰাৰ লগতে বনজ সম্পদ সুৰক্ষাৰ দাবীত ডুমডুমা বন সংমণ্ডলৰ কায্যালয়ত আছুৰ ধৰ্ণা কাৰ্যসূচী

Screenshot 200

তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন বনাঞ্চলৰ লগতে অৰুণাচলৰ পৰা সীমান্ত পথেদি কাকপথাৰ, ডুমডুমা আদি অঞ্চলৰ মাজেদি নিতৌ অবৈধ চোৰাং কাঠৰ সৰবৰাহ হৈ থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে ।অবৈধ চোৰাং কাঠৰ সৰবৰাহ বন্ধ কৰাৰ লগতে বনজ সম্পদ সুৰক্ষাৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ডুমডুমা বন সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মূখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

আছুৰ অভিযোগ অনুসৰি, ডুমডুমা বন সংমণ্ডলৰ DFO আতিকুৰ ৰহমানৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত আৰু একাংশ বন বিষয়াৰ চত্ৰচায়াত প্ৰায় প্ৰতিদিনাই অসমৰ লগতে অৰুণাচলৰপৰা মূল্যৱান বনজ সম্পদৰ চোৰাং ৰমৰমীয়া বেহা চলি আহিছে ।এইক্ষেত্ৰত অতি শীঘ্ৰেই বনজ সম্পদৰ অবাধ লুণ্ঠন কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে আছুৱে ।উল্লেখযোগ্য যে, ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন স্থানত চোৰাং কাঠৰ লগতে শিল-বালিৰ অবৈধ বেহা চলি থকাৰ কথাও বন বিষয়াই আওপকীয়াকৈ স্বীকাৰ কৰিছে ।

Exit mobile version