চীনত অনুমোদন লাভ নকৰা সংস্থাৰ ক’ভিড প্ৰতিষেধক পাকিস্তানত প্ৰদান

rcfmrho8 coronavirus vaccine mumbai

চীনত অনুমোদন লাভ নকৰা সংস্থাৰ ক’ভিড প্ৰতিষেধক পাকিস্তানত প্ৰদান কৰা হৈছে । সেয়ে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে পাকিস্তানৰ স্বাস্থ্য বিশেষজ্ঞসকলে । প্ৰশ্ন উত্থাপন হৈছে যে, কেনেকৈ অনুমোদন লাভ নকৰা প্ৰতিষেধক প্ৰদান কৰা হ’ল ।চীনে পাকিস্তানক ছাইন’ফাৰ্মৰ পাঁচ লাখ ড’জ প্ৰদান কৰিছে । চলিত মাহৰ শেষত আৰু ১০ লাখ ড’জ দিয়া হ’ব বুলি প্ৰকাশ কৰিছে ।সংস্থাটোৰ প্ৰতিষেধক ব্যৱহাৰৰ বাবে চীনৰ স্বাস্থ্য সমিতিয়ে অনুমতি দিয়া নাই ।

তাৰ পাছতো কিয় এই প্ৰতিষেধক প্রদান কৰা হ’ল পাকিস্তানক, তাক লৈও এতিয়া চৰ্চা আৰম্ভ হৈছে পাকিস্তানত ।পাকিস্তানত কেইদিনমানৰ ভিতৰত গণ টিকাকৰণ কাৰ্যসূচী আৰম্ভ হ’ব । কিন্তু ইয়াৰ পূৰ্বে, প্ৰথম শাৰীৰ যুদ্ধা স্বাস্থ্য কৰ্মীসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়া পাকিস্তান সদনৰ স্বাস্থ্য বিষয়ক সমিতিৰ মুখ্য নৌশিন হামিদে ।পাকিস্তানৰ এজন ক’ভিড বিশেষজ্ঞ ছাজিল মঞ্জুৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, চীনৰ এই প্ৰতিষেধকে পাকিস্তানত সুফল দিব ।

যদিও কিছু সংখ্যক চিকিৎসকে প্ৰতিষেধকৰ মানদণ্ডৰ বিষয়ে সন্দেহ প্ৰকাশ কৰিছে। পাকিস্তানৰ আন এজন স্বাস্থ্য বিশেষজ্ঞই কয়, ‘এই প্ৰতিষেধকৰ তথ্য স্বচ্ছ নহয় ।’ছাইন’ফৰ্মৰ লগতে এষ্ট্ৰাজেনকাইও পাকিস্তানক এক কোটি ৭০ লাখ ড’জ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এই বছৰৰ মাজভাগলৈ এষ্ট্ৰাজেনকাৰ প্ৰতিষেধক পাকিস্তানক দিয়া কৰা হ’ব বুলি জানিবলৈ দিছে। পাকিস্তানত, ইতিমধ্যে পাঁচ লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । ১১হেজাৰৰো অধিক লোকৰ মৃত্যুও হৈছে।

Exit mobile version