টুইটাৰত অভূতপূৰ্বভাৱে কংগনা ৰাণাৱটে আক্ৰমণ কৰিলে তাপচী পন্নুক

912084 kanganaranaut taapseepannu 1

কংগনা ৰাণাৱটে তাপচীক টুইটাৰযুগে মাকক লৈ গালি পৰাৰ উপৰিও ‘তই’ ‘কুকুৰ ‘দেশৰ বোজা’ ইত্যাদি বুলি সম্বোধন কৰে ছ’চিয়েল মিডিয়াত কংগনাই লিখে, ‘তোৰ মাক যদি সকলোৰে আগত বেয়াকৈ কয় তই মনে মনে থাকিব পাৰিবি ।’বৃহস্পতিবাৰে পুৱা, অভিনেত্ৰী তাপচীয়ে টুইট কৰি লিখে, “যদি এটা টুইটে তোমালোকৰ একতাক আঘাত কৰে, এখন ছবি বা অনুষ্ঠানে যদি ধৰ্ম বিশ্বাসত আঘাত কৰে তেনহ’লে মোৰ মতে ইয়াত সমস্যাটো তোমাৰ।

তুমি নিজৰ নীতিবোধ উন্নত কৰা উচিত ।”টুইটত তাপচীয়ে যে “ঐক্যবদ্ধ ভাৰত”ৰ হেচটেগ ভাৰত চৰকাৰৰ হৈ মাত মতা তাৰকাসকলক আক্ৰমণ কৰিছে সেইটো স্পষ্ট । কংগনাই সঁহাৰি দিয়াত পলম কৰা নাছিল। শাসকদলৰ সমৰ্থক ৰূপে জনাজাত কংগনাই কয় যে ভাৰতৰ তাৰকাসকলে কিয় আন্তৰ্জাতিক তাৰকাসকলৰ বিৰুদ্ধে সৰৱ হৈছে আৰু তেওঁলোকে কিয় ঐক্যবদ্ধ ভাৰতৰ বাৰ্তা প্ৰেৰণ কৰিছে।

যদিও তেওঁ প্ৰক্ৰিয়াটোত তাপচীৰ ওপৰত এক অভূতপূৰ্ব ব্যক্তিগত আক্ৰমণ কৰিছে ।তপচীক ‘বেকাৰ হদ্দ’ ‘তই’ বুলি সম্বোধন কৰি কয়, ‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাত যদি মই তোৰ মাক অপমান কৰো, তেতিয়া কি তোৰ বিশ্বাসত আঘাত লাগিব ? মই জানো তই তেতিয়াও তোৰ মাৰ প্ৰতি থকা ভালপোৱাকে দৃঢ় কৰাৰ চেষ্টা কৰিবি আৰু একো মাত নামাতিবি ।কৃষক আন্দোলনক লৈ ৰিহানা, গ্ৰেটা থুনবাৰ্গৰ দৰে আন্তৰ্জাতিক তাৰকাসকলৰ স’তে ৰীতিৰ‌ দৰে টুইট যুদ্ধত নামিছে মোদী চৰকাৰো ।

তেওঁলোকৰ বিৰুদ্ধে ভাৰতৰ একতা ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । ‘ঐক্যবদ্ধ ভাৰত’ হেচটেগ টুইট কৰি দেশৰ বিভিন্ন ক্ষেত্ৰৰ তাৰকাসকলেও চৰকাৰৰ পক্ষতে থকাৰ প্ৰমাণ দিছে । লতা মংগেশকাৰ, বিৰাট কোহলি, ছচিন টেণ্ডুলকাৰ, সাইনা নেহুৱাল সকলোৰে টুইট প্ৰায় একেই ‘ভাৰতৰ সমস্যা ভাৰতে সমাধান কৰিব’ ।

Exit mobile version