নাভালিনক কাৰাদণ্ড দিয়াৰ বাবে ৰাছিয়াত গণবিক্ষোভ আৰম্ভ

116783955 mediaitem116783951

বিৰোধী দলৰ নেতা এলেক্সেই নাভালিনক কাৰাদণ্ড দিয়াৰ পাছত গণবিক্ষোভ আৰম্ভ হৈছে ৰাছিয়াত । মংগলবাৰে আৰক্ষীয়ে প্ৰায় ১৪০০ বিক্ষোভকাৰীক আটক কৰে । বহুকেইটা ভিডিঅ’ত আৰক্ষীয়ে মাৰ-পিত কৰাও পৰিলক্ষিত হৈছে ।মংগলবাৰে নাভালিনক তিনি বছৰৰো অধিক সময়ৰ বাবে কাৰাবাস দিয়ে ৰাছিয়াৰ ন্যায়ালয়ে ।

গৃহবন্দী হৈ থকাৰ বাবে ইতিমধ্যে কাৰাবাসৰ কিছু সময় হ্ৰাস পাই গৈছে । নাভালিনৰ অধিবক্তাই জনায় যে, নাভালিনে দুই বছৰ আঠ মাহ কাৰাগাৰত থাকিব লাগিব । ইউৰোপীয় ইউনিয়ন ব্ৰিটেইন আৰু আমেৰিকা প্ৰত্যেকেই এই ৰাইক গৰিহণা দিছে । ইইউৰ বাকী দেশবোৰৰ স’তে আলোচনা কৰি ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞা জাৰি কৰিব পাৰে বুলি সতৰ্কবাৰ্তা দিয়ে জাৰ্মানীয়ে ।

বিগত বৰ্ষৰ আগষ্টত ‘নাৰ্ভ এজেণ্ট আক্ৰমণৰ বলি’ হোৱাৰ পাছত জাৰ্মানীত চিকিৎসাধীন হৈ আছিল নাভালিন । প্ৰায় মৃত্যুৰ মুখৰ পৰা বাচি যোৱা মাহত দেশত উভতিছিল তেওঁ । নাভালিনৰ অভিযোগ, ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনেই তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল ।কালি নাভালিনৰ কাৰাদণ্ডৰ খবৰ পোৱাৰ পাছতে মস্কো চহৰৰ প্ৰাণ কেন্দ্ৰত শ শ প্ৰতিবাদকাৰী ওলাই আহে । ফলত আৰক্ষীৰ স’তে খণ্ডযুদ্ধ আৰম্ভ হয় । সামাজিক মাধ্যমত ইয়াৰ ভিডিঅ’ভাইৰেল হৈ পৰে ।

Exit mobile version