মহাকাশ ভ্ৰমণৰ সুযোগ, চাৰিজন মহাকাশচাৰীক লৈ স্পেছএক্সৰ যানে অৱতৰণ কৰিব মহাকাশত

highxtar spacex elon musk occupy mars2

ইচ্ছুকসকলে মহাকাশ ভ্ৰমণৰ সুযোগ লাভ কৰিব স্পেছএক্সৰ জৰিয়তে । চলিত বৰ্ষত বিশ্বত বাণিজ্যিকভাৱে এই মিছন আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে সংস্থাটোৱে । ‘ইনস্পিৰেছন ৪’ নামে এই প্ৰকল্পটো আৰম্ভ কৰা হ’ব চলিত বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ।

যিয়ে মহাকাশত ভ্ৰমণ কৰিব বিচাৰে, স্পেছএক্স ক্ৰু ড্ৰেগন কেপছুলে তেনে চাৰিজন মহাকাশচাৰীক সুযোগ দিব । প্ৰত্যেক ৯০ মিনিটত কেপছুলে পৃথিৱীৰ কক্ষপথত প্ৰদক্ষিণ কৰিব । স্পেছএক্সে জনায় যে, প্ৰথম যাত্ৰীসকলৰ নাম আগন্তুক সপ্তাহত ঘোষণা কৰা হ’ব । এই মিছনটোত অংশগ্ৰহণকাৰী লোকসকলক নিৰ্বাচিত কৰাৰ পাছত প্ৰশিক্ষণ দিয়া হ’ব । লগতে ‘ইনস্পিৰেছন ৪’ প্ৰকল্পৰ স’তে জড়িত কৰ্মীসকলকো সমগ্ৰ বিষয়টোৰ ওপৰত প্ৰশিক্ষণ দিয়া হ’ব ।

ফ্ল’ৰিডাত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ লঞ্চ কমপ্লেক্স ৩৯ৰ পৰা স্পেছএক্স ড্ৰেগনৰ উৎক্ষেপণ কৰা হ’ব ।

ইয়াৰ পূৰ্বে ইলন মাস্কৰ সংস্থা মাৰ্কিন মহাকাশ গৱেষণা কেন্দ্ৰৰ সহযোগিতাত এনে অভিযান কৰা হৈছিল । ২০২০ৰ নৱেম্বৰত ড্ৰেগন ক্ৰু ৰকেটে প্ৰথমবাৰ মহাকাশত অৱতৰণ কৰে । সেইটোৱে প্ৰথম মহাকাশচাৰীসকলক লৈ কৰা প্ৰথম বাণিজ্যিক অভিযান । তেতিয়াই ঘোষণা কৰা হৈছিল যে আগন্তুক ১৫ মাহত সাতটা ড্ৰেগন ক্ৰুৱে মহাকাশত অৱতৰণ কৰিব । স্পেছএক্সৰ এইটো দ্বিতীয় অভিযান ।

Exit mobile version