চাৰি বছৰত চাৰিশবাৰ ইণ্টাৰনেট সেৱা বন্ধ ভাৰতত

Can Phones Get a Virus Thumb

শিক্ষা, ধৰ্ম আৰু স্বাধীনতাৰ দৰে ইণ্টাৰনেট পৰিসেৱাও মানুহৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে । জম্মু-কাশ্মীৰক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি ৰখাক লৈ এটা আবেদনৰ শুনানিৰ সময়ত এইদৰেই মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ে । কিন্তু বিগত চাৰি বছৰ ধৰি ইয়াৰ সম্পূৰ্ণ পৃথক ছবি পৰিলক্ষিত হৈছে ভাৰতত । চাৰি বছৰত চাৰিশৰো অধিকবাৰ ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰা হৈছে । বিশ্বব্যাপী ইণ্টাৰনেট পৰিসেৱা পৰ্যৱেক্ষণ কৰা সংস্থা টপ টেন ভিপিএনে এই ৰিপ’ৰ্ট প্ৰকাশ কৰে ।

তেওঁলোকৰ ৰিপ’ৰ্টত দিয়া হৈছে যে ইণ্টাৰনেট‌ পৰিসেৱা বন্ধ ৰখাৰ ফলত ভাৰতৰ অৰ্থনীতিটো ব্যাপক প্ৰভাৱ পৰিছে । তেওঁলোকে দিয়া তথ্য অনুসৰি, ২০২০ত মুঠ আঠ হেজাৰ ৯২৭ ঘণ্টা ইণ্টাৰনেট বন্ধ‌ আছিল ভাৰতত । ফলত ২৭০ কোটি ‌ডলাৰ ক্ষতি হয় । প্ৰতি ডলাৰত যদি ৭৩ টকা হয় সেই হিচাপত প্ৰতি ঘণ্টাত দুই কোটি টকাৰ লোকচান হৈছে ।

চাৰি জানুৱাৰীত প্ৰকাশিত হোৱা ৰিপ’ৰ্টত দিয়া তথ্য অনুসৰি, বিগত মাহত সাতবাৰ ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰখা হৈছিল ভাৰতত । ইয়াৰ ভিতৰত হাৰিয়ানা, দিল্লী, ছ’নিপট আৰু পালৱালত কৃষি আন্দোলন ৰোধ কৰিবলৈ ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰা হৈছিল ।

২৬ জানুৱাৰীত লালকিল্লাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছতেই ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আমেৰিকা যুক্তৰাষ্ট্ৰই এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰে । আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ৰ এক বিবৃতিত জনোৱা হয় যে, ‘যিকোনো গণতান্ত্ৰিক দেশতে অবিচ্ছিন্ন ইণ্টাৰনেট পৰিসেৱা লাভ কৰা মৌলিক অধিকাৰৰ অন্তৰ্গত পৰে ।’

২০১৯ ত পাঁচ আগষ্টত জম্মু-কাশ্মীৰৰ বাবে সংৰক্ষিত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ পাছত ২৩৩ দিন জম্মু-কাশ্মীৰৰ উপত্যকা অঞ্চলত ইণ্টাৰনেট পৰিসেৱা বন্ধ আছিল । বিশ্বৰ কোনো দেশতে ইমান দীৰ্ঘ কাললৈ ইণ্টাৰনেট বন্ধ ৰখা হোৱা নাই । ২০১৯ৰ তিনি আগষ্টৰ পৰা ২০২০ৰ চাৰি মাৰ্চলৈকে এই উপত্যকাত ইণ্টাৰনেট পৰিসেৱা বন্ধ আছিল ।

আন্তৰ্জাতিক ফ’ৰ্বছ মেগাজিনে দাবী কৰে যে, টপ টেন ভিপিএনৰ লগতে অন্য দেশবোৰৰ তুলনাত ‌ভাৰততেই আটাইতকৈ বেছি সঘনাই ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰখা হৈছে । তথ্য অনুসৰি, জম্মু-কাশ্মীৰৰ পাছত ৰাজস্থান, উত্তৰপ্ৰদেশ, পশ্চিমবংগ, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত আটাইতকৈ বেছি ইণ্টাৰনেট পৰিসেৱা বন্ধ ৰখা হৈছে ।

Exit mobile version