টুইটাৰক চীনৰ পুতলা আখ্যা দি কংগনাই ক’লে ‘টিকটকৰ দৰেই নিষিদ্ধ হ’ব’

2020 6largeimg 1185061840

মাইক্র’ ব্লগিং ছাইট টুইটাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰিলে বলিউডৰ বিতর্কিত অভিনেত্রী কংগনা ৰণৌটে। কালি টুইটাৰে কংগনাৰ কিছু বিতর্কিত টুইট ‘ডিলিট’ কৰিছিল।

বাতৰিত এই কথাও কোৱা হৈছিল যে কংগনাই এইদৰে বিবাদিত টুইট অব্যাহত ৰাখিলে তেওঁৰ একাউণ্ট টুইটাৰে বন্ধ কৰি দিব পাৰে। টুইটাৰে টুইট ‘ডিলিট’ কৰাক লৈ চৰম অসন্তুষ্টি প্রকাশ কৰি অভিনেত্রীগৰাকীয়ে মাইক্র’ ব্লগিং ছাইটটোক চীনৰ হাতৰ পুতলা অভিহিত কৰে।

কংগনাই ছ’চিয়েল মিডিয়াৰ প’ষ্টত কয়,‘চীনৰ হাতৰ কাঠৰ পুতলা টুইটাৰে মােক একাউন্ট বন্ধ কৰাৰ ধমক দি আছে। কিন্তু মই কোনাে নিয়ম উলংঘন কৰা নাই। মনত ৰাখিব যিদিনা মই টুইটাৰ এৰিম,সেইদিনা তােমালােককো লগত লৈ যাম।

ঠিক চীনৰ টিকটকৰ দৰে তােমালােকো নিষিদ্ধ হ’বা। উল্লেখ্য যে মঙলবাৰে আন্তর্জাতিক খ্যাতিসম্পন্ন পপ তাৰকা ৰিহানাই ভাৰতৰ কৃষক আন্দোলনৰ প্রতি সমর্থন ব্যক্ত কৰি এক টুইট কৰিছিল। সংগীত শিল্পীগৰাকীৰ এই টুইটৰ সন্দৰ্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কংগনাই কটুক্তি কৰিছিল।

কংগনাৰ এনে কে’বাটাও টুইট টুইটাৰে ‘ডিলিট’ কৰে। মাইক্র’ ব্লগিং ছাইটটোৱে দাবী কৰা মতে, কংগনাই এনে টুইটৰ জৰিয়তে কোম্পানীটোৰ ‘ঘৃণামূলক ভাষণ মন্তব্য নীতি’ উলংঘন কৰিছিল।

Exit mobile version