নৰসিংহ পাতৰ ঔষধি গুণ

curry leaves 1 1

★নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই থাকে।

★নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে।

★নৰসিংহ পাতত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে । নৰসিংহৰ পাত খালে শৰীৰত ৰক্ত বৃদ্ধি হয়।

★জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে আৰাম পোৱা যায়।

★নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলকুলি কৰিলে পায়োৰিয়া ৰোগ নিৰাময় হয়।

★বিষাক্ত কীট-পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত সম পৰিমাণৰ নেমুৰ ৰস মিহলি কৰি লগালে আৰাম পোৱা যায়।

★নৰসিংহ পাত বহুমূত্ৰ ৰোগী আৰু বৃক্ক ৰোগৰ বাবে উপকাৰী।

★নৰসিংহ পাতৰ চাটনি বনাই তাৰ লগত এচামুচ তেঁতেলীৰ ৰস মিহলাই খালে বদহজম নাইবা অভোক নোহোৱা হয়।

★নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু ই হাড়, দাঁতৰ গঠনত সহায় কৰে।

★নৰসিংহৰ পাতে পাচনতন্ৰ সুস্থ কৰি ৰাখে । ই ডাইৰিয়া, ডিচেন্ট্ৰি,মন্দাগ্নি আৰু মধুমেহ ৰোগত বিশেষ লাভজনক।

★নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত হাৰিব পাৰি। 

★নৰসিংহৰ পাতত এণ্টি অক্সিডেণ্ট পোৱা যায় যি আমাৰ বৃদ্ধাৱস্থা দূৰ কৰিব পাৰে আৰু কেঞ্চাৰৰ কোষবিলাক বাঢ়িবলৈ নিদিয়ে ।

★নৰসিংহৰ পাত চকুৰ কাৰণেও উপকাৰী । ইয়াত মজুত থকা এণ্টি অক্সিডেণ্টে চকুৰ কেটেৰেক্ট বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু চকুৰ দৃষ্টিশক্তি বঢ়াই তোলে ।

★নৰসিংহৰ পাতে শৰীৰৰ বৰ্ধিত কেলৰি হ্ৰাস কৰে আৰু শৰীৰক যিকোনো সংক্ৰমণৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে।

★শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ প্ৰতিদিনে কেইটামান নৰসিংহৰ পাত খোৱা উচিত

★ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায় ।

★পেটৰ বিষ হ’লে চাৰি কাপ পানীত নৰসিংহ গছৰ শিপা ৫-৬ গ্ৰাম লৈ সিজাই উঠি পোৱা পানী খালে পেটৰ বিষ ভাল হয় ।

★পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয় ।

★পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয়।

★দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায় ।

★ মেদবহুলতাত ভোগা লোকে নিয়মিতভাৱে নৰসিংহৰ জোল খালে সুফল পোৱা যায় ।

Exit mobile version