কামাখ্যাত শিশু ভিক্ষুক ৰোধ অভিযান

122363 ndgxklazre 1561176602

কামাখ্যাধামত কুমাৰী পূজাৰ নামত চলিছে শিশুসকলৰ জৰিয়তে ভিক্ষা গ্ৰহণৰ চক্ৰ । এই অভিযোগ লাভ কৰাৰ পাছতে শিশু অধিকাৰ সুৰক্ষা আয়োগে তদন্ত চলায় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে কামাখ্যা চত্বৰক শীঘ্ৰে শিশুবান্ধৱ হিচাপে গঢ়ি তুলিবলৈ জিলা প্ৰশাসনক এক্সন প্লেন নিৰ্মাণৰ নিৰ্দেশ দিছে কমিছনে । কামাখ্যাৰ বাবে নিযুক্ত হ’ব এজন চাইল্ড ৱেলফেয়াৰ আৰক্ষী বিষয়াও ।

ৰাজ্যৰ শিশু অধিকাৰ কমিছনে জনায় যে, কামাখ্যাত শিশুসকলৰ দ্বাৰা ভিক্ষা মাগোৱা হয় বুলি কেন্দ্ৰীয় শিশু অধিকাৰ সুৰক্ষা কমিছন (এনচিপিচিআৰ)ত অভিযোগ দাখিল কৰা হৈছিল । কামাখ্যাৰ পৰিস্থিতি পৰ্যৱেক্ষণ কৰাৰ পাছত ৰাজ্য শিশু অধিকাৰ সুৰক্ষা কমিছন এনচিপিচিআৰৰ প্ৰতিনিধি, কামৰূপ মহানগৰৰ জিলা প্ৰশাসক, শিশু ও শ্ৰম কাৰ্যালয়, আৰক্ষী, শিক্ষা কাৰ্যালয়ৰ কৰ্তাসকলৰ স’তে ভিডিঅ’ কনফাৰেন্সযুগে বৈঠকত মিলিত হয় ।

চাইল্ড ৱেলফেয়াৰ আৰক্ষী বিষয়া নিয়োগ কৰাৰ লগতে অতি শীঘ্ৰে কামাখ্যাত পথশিশু বা ভিক্ষা মাগা কাৰ্যৰ স’তে জড়িত শিশুসকলৰ বাবে সুৰক্ষিত আবাসস্থল নিৰ্মাণৰ বাবে আহ্বান জনায় কমিছনে । কামাখ্যা চকীৰ আৰক্ষীক মন্দিৰৰ আশে-পাশে কোনো শিশুক ভিক্ষা মাগা দেখিলেই তেওঁলোকক পঢ়িবৰ বাবে স্কুল পঠোৱা ব্যৱস্থা কৰা নিৰ্দেশ দিয়া হৈছে । যিসকল অভিভাৱকে শিশুসকলক ভিক্ষা বৃত্তিৰ বাবে বাধ্য কৰাইছে , সেইসকল অভিভাৱকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

Exit mobile version