টিকৰি সীমান্তত প্ৰতিবাদী কৃষকৰ আত্মহত্যা

Screenshot 206

দিল্লী সীমান্তত পুনৰ আন এক কৃষকৰ মৃত্যু । দিল্লী-হাৰিয়ানা সীমান্তৰ টিকৰি অঞ্চলত এজোপা গছত উলমি থকা অৱস্থাত তেওঁৰ দেহ উদ্ধাৰ কৰে । লোকজনে আত্মহত্যা কৰিছে বুলিয়ে সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে । তেওঁৰ কাষতে এখন পত্ৰ উদ্ধাৰ কৰা হৈছে য’ত আক্ষেপেৰে লিখা আছে, ‘কেৱল তাৰিখ দি আছে চৰকাৰে । সমস্যা সমাধানৰ কোনো লক্ষ্যণে নাই ।’

দেওবাৰে পুৱাই টিকৰি সীমান্তত আন্দোলন স্থলীৰ পৰা কিছু আঁতৰত এজোপা গছত ৫২ বছৰীয়া কৰ্মবীৰ সিং কৌল নামৰ কৃষকজনৰ দেহ উদ্ধাৰ কৰা হৈছে । খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । মৰণোত্তৰ পৰীক্ষণৰ বাবে দেহটো জিলা চিকিৎসালয়ত প্ৰেৰণ কৰা হয় ।

সূত্ৰ অনুসৰি, কৰ্মবীৰ হাৰিয়ানাৰ জিন্দৰ বাসিন্দা । প্ৰতিবাদকাৰীসকলে জনায় যে, তেওঁৰ তিনিগৰাকী কন্যা সন্তান আছে । তেওঁৰ কাষত উদ্ধাৰ হোৱা পত্ৰত তেওঁ প্ৰায় ৭০ দিন ধৰি আন্দোলন কৰাৰ পাছতো সমস্যা সমাধান নোহোৱাত হতাশা প্ৰকাশ কৰিছে । পত্ৰত লিখে, ‘ভাৰতীয় কিষান ইউনিয়ন জিন্দাবাদ । চৰকাৰে কেৱল তাৰিখ দি আছে । এই ক’লা আইন কেতিয়া স্তব্ধ হ’ব কোনো ঠিকেই নাই ।’

কৰ্মবীৰৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে উত্তৰপ্ৰদেশ কংগ্ৰেছে । উদ্ধাৰ হোৱা পত্ৰৰ ছবি টুইত কৰি লিখে, ‘জিন্দৰ এজন কৃষকে আজি টিকৰি সীমান্তত আত্মহত্যা কৰিছে আৰু পত্ৰ লিখি গৈছে । পত্ৰত লিখিছে ভাৰতীয় কিষান ইউনিয়ন জিন্দাবাদ । চৰকাৰে কেৱল তাৰিখ দি আছে । এই ক’লা আইন কেতিয়া স্তব্ধ হ’ব কোনো ঠিকেই নাই । কৃষকৰ প্ৰাণ কঢ়া এই চৰকাৰক ধিক্কাৰ । যিয়ে সকলো সংবাদ মাধ্যমৰ সত্যতাক ঢাকি ৰাখিছে তেওঁলোককো ধিক্কাৰ ।’

Exit mobile version