উত্তৰ গুৱাহাটীত প্রত্নতাত্ত্বিক স্থানত অবৈধ খনন

tractor

উত্তৰ গুৱাহাটীত দিনে নিশাই অসাৱধানভাবে চলা মাটিৰ টেক্টৰৰ বাবে পথলৈ ওলাবলৈ ভয় জনতাৰ।অসম চৰকাৰে কৃষি কায্যৰ নামত পমুৱা লােকক টেক্টৰ দিয়াত সেই সমুহ খেতিৰ পৰিবৰ্তে মাটি কটা কার্যত ব্যবহাৰ কৰি আহিছে। ফলত জৈৱিক আক্রমণ নহয় চৰকাৰৰ সহযােগত এতিয়া অর্থনৈতিক আক্রমণ হৈছে থলুৱা নিবনুৱাৰ ওপৰত।

নিশা হ’লে তীব্রবেগী ডাম্পাৰে পথৰ দাতিৰ বৈদ্যুতিক খুটা ঘৰ মহতিয়াই সাধাৰণ জনতাৰ প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িওৱাৰ সমান্তৰালকৈ তীব্রবেগী টেক্টৰে নিশাৰ বিশ্রাম কাঢ়িছে।ইফালে বালি মাটিয়ে পথত ধুলিৰ সৃষ্টি কৰি অহাৰ পিছতাে অসাধু চক্রই কোনো ব্যৱস্থা লোৱা নাই ।

কিছুদিন পূর্বে কলেজ নগৰত পথৰ পাঁচোটা বৈদ্যুতিক খুটা দেৱাল মহতিয়াই নিয়াৰ পিছত পুণৰ পথৰ দাতিত ৰৈ থকা স্কুটি মহতিয়াই নিয়ে। কথমপি প্রাণ ৰক্ষা পৰে বাহনৰ চালক। ইফালে উত্তৰ গুৱাহাটীৰ”ঐতিহাসিক স্থান সমুহৰাে ক্ষতি কৰি কৰা খনন কায্যই সচেতন মহলক আচম্বিত কৰি তুলিছে।

বিশেষকৈ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ স্মৃতি বিজৰিত ৰূদ্রেশ্বৰৰ কুঁৱৰী পুখুৰীৰ পাৰত এজন অসাধু যুৱকে ৰাইজৰ বাধা নেওচি কৰা বৃহৎ মাটিৰ খনন কৰি প্ৰত্নতাত্বিক স্থান ধংস কৰাৰ পিছতাে নিৰব কামৰূপ প্ৰশাসন ।ইফালে অসম বুৰঞ্জীৰ জীৱন্ত পিষ্ঠা ভাজগাঁৱৰ নাওশালী জান পুতি জানৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ নতুন দলং নির্মানৰ বাবে পথ নির্মানকলৈ ক্ষোভিত স্থানীয় ৰাইজ।

যি নাওশালী জান ব্ৰহ্মপুত্ৰৰ স’তে সংলগ্ন আৰু টিলাৰে আবৰা এক বৃহত পুখুৰী। শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনে নাও লুকুৱাই ৰাখি ৰণ কৌশল ৰচণা কৰিছিল। কিন্তু পৰিতাপৰ কথা এই নাওশালী জান সংৰক্ষণৰ অভাৱত বেদখল হবলৈ লয় আৰু শেহতীয়াকৈ ইয়াৰ ওপৰতেই পথ নির্মানৰ অভিযােগ উঠিছে। নাওশালী জানত ১৯৫২চনৰ ভুমিকম্পত ব্ৰহ্মপুত্ৰৰে ভাহি অহা বৃহৎ শাল গছ এই নাওশালী জানেৰে সােমাই জলাশয়ত পােত গৈ থকা বুলি স্থানীয় লােকে জানিবলৈ দিয়ে।

এই জলাশয়ৰ তলিত আহােম যুগৰ বহু সমল থকা বুলি জনশ্রুতি আছে। মুঠতে এচাম সহজ ধনলিপ্সু লোকৰ বাবেই সকলাে প্রত্নতাত্বিক সমল ধংশ হােৱাৰ উপক্ৰম হৈছে।কামৰূপ জিলা প্ৰশাসন আৰু ৰাজ্যিক প্ৰত্নতাত্বিক বিভাগৰ হস্তক্ষেপ বিচাৰিছে ৰাইছে।

Exit mobile version