শিশু শ্ৰমিক ব্যৱহাৰৰ অভিযোগ ৰিহানাৰ বিৰুদ্ধে

Rihanna

আৰএছএছৰ প্ৰাক্তন কৰ্মীৰ নালিছ শিশু সুৰক্ষা আয়োগত কৃষক আন্দোলনৰ পক্ষত সৰব পাছত পুনৰ বিতৰ্কৰ আৱৰ্তত আমেৰিকাৰ পপ তাৰকা ৰিহানা । এটা স্বেচ্ছাসেৱী সংগঠনে তেওঁৰ ছাল যত্ন ব্ৰেণ্ড ‘ফেণ্টী বিউটি’ৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ অভিযোগ, ঝাৰখণ্ডৰ খনিসমূহত ব্যৱহৃত শিশু শ্ৰমিকসকলক ‘ফেণ্টী বিউটি’‌ৰ কাৰ্যত নিয়োগ কৰা হয় । সংগঠনটোৱে লগতে দাবী কৰিছে যে ৰিহানাৰ এই সন্দৰ্ভত প্ৰয়োজনীয় অনুমোদন নাই । এই বিষয়ত হস্তক্ষেপ কৰিবলৈ কেন্দ্ৰীয় শিশু সুৰক্ষা আয়োগৰ কাষ চাপিছে তেওঁলোকে ।

আৰএছএছৰ প্ৰাক্তন কৰ্মী তথা লিগল ৰাইটছ অবজাৰভেটৰীৰ মুৰব্বী বিনয় যোশীয়ে ৰিহানাৰ বিৰুদ্ধে শুক্ৰবাৰে আয়োগত অভিযোগ দাখিল কৰে । তেওঁ আয়োগক গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিবলৈ আবেদন জনাইছিল । বিনয়ে লগতে দাবী কৰে যে ‘ফেণ্টী বিউটি’ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা শিশু শ্ৰমিকসকলকৰ নিযুক্তিৰ সন্দৰ্ভত প্ৰমাণপত্ৰও নাই ৰিহানাৰ লগত ।

ঘটনাক্ৰমে, নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকসকলৰ হৈ টুইট কৰাৰ পাছতেই ৰিহানাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয় । চলিত মাহৰ আৰম্ভণিতে কৃষক আন্দোলনৰ স’তে যুঁজ দিবলৈ দিল্লী আৰু তাৰ কাষৰীয়া অঞ্চলসমূহত ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰি দিয়াৰ পাছত ৰিহানাই কৃষকসকলৰ পক্ষত টুইট কৰে, ‘আমি কিয় এই বিষয়ত মাত মতা নাই ?’

Exit mobile version