কাকীত আত্মসহায়ক গোটৰ নামত আবণ্টিত ট্ৰেক্টৰ জালিয়াতিৰে বিক্ৰী

গোটৰ সভাপতিক আটক

https s3 ap northeast 1.amazonaws.com psh ex ftnikkei 3937bb4 images 5 6 4 7 18927465 2 eng GB Cropped 1547668395RTX1GI58

হোজাই জিলাত সংঘটিত হৈছে ট্ৰেক্টৰ জালিয়াতিৰ ঘটনা । চৰকাৰীভাৱে এটা আত্মসহায়ক গোটৰ নামত আবণ্টন হোৱা ট্ৰেক্টৰ জালিয়াতিৰে বিক্ৰী কৰিলে গোটৰ সভাপতিয়ে । কাকী তেলিয়াআটি গাঁৱৰ মিলি-জুলি নামৰ আত্মসহায়ক গোটে চৰকাৰীভাৱে লাভ কৰে এখন ট্ৰেক্টৰ । গোটৰ নামত ট্ৰেক্টৰ আবণ্টন হোৱা বিষয়ত সভাপতিৰ বাহিৰে গোটৰ অন্যান্য সদস্যসকল অৱগত নাছিল ।

কিন্তু ভোগালী বিহুৰ কিছুদিন পাছত প’ষ্ট অফিচৰ জৰিয়তে যেতিয়া গোটৰ নামৰ ট্ৰেক্টৰখনৰ আৰচি আহে তেতিয়া সকলোবোৰ ওলাই পৰে । ইয়াৰ পাছত গোটৰ সম্পাদক আৰু অন্যান্য সদস্যসকলে এজাহাৰ দাখিল কৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষকক । আৰক্ষীয়ে তদন্ত কৰি ট্ৰেক্টৰখন জব্দ কৰাৰ লগতে গোটৰ সভাপতি অতুল বৰাক আটক কৰে ।

উল্লেখ্য যে, ট্ৰেক্টৰখন ক্ৰয় কৰা হেমন্ত বৰা নামৰ পঞ্চায়ত কৰ্মচাৰীজনক আৰক্ষীয়ে আটক কৰে যদিও ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে । ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১৩/২১ আৰু ভাঃদঃআঃ ৪২০/৪০৬ গোচৰ ৰুজু কৰিছে । এই কেলেংকাৰীত অন্য কে’বাজনো লোক জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Exit mobile version