দেওবাৰে উত্তৰাখণ্ডত হঠাৎ প্ৰকৃতিয়ে ধাৰণ কৰা প্ৰলয়ংকৰ ৰূপৰ ফলত সৃষ্টি হোৱা বানত উত্তৰাখণ্ডৰ বহুকেইটা অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু লোক বৰ্তমানলৈকে নিখোজ হৈ আছে । উল্লেখ্য যে সেই প্ৰলয়ংকাৰী বানত অসমৰ তিনিজন লোক বৰ্তমানলৈকে নিখোজ হৈ আছে আৰু ইয়াৰ ভিতৰত কামপুৰৰ দুজন আৰু হোজাই জিলাৰ কাকী ডেৰপথাৰৰ এজন ।
কাকীৰ ডেৰপথাৰৰ ডালু গাঁৱৰ সুশান্ত ডালুও কৰ্মসূত্ৰে আছিল উত্তৰাখণ্ডত । কালিৰ প্ৰলয়ংকাৰী বানৰ পাছত বৰ্তমানলৈকে নিখোজ হৈ থকাৰ খবৰ আহিছে পৰিয়ালৰ লোকলৈ ।
উল্লেখ্য যে, নগাঁও জিলাৰ কামপুৰৰ দুই যুৱক অমৰজ্যোতি দাস আৰু কমল দাসৰ সহযোগত বিগত বৰ্ষৰ অক্টোবৰত কৰ্মসন্ধানত গৈছিল উত্তৰাখণ্ডলৈ । কাকী ডেৰপথাৰৰ ডালু গাঁৱৰ অজিত ডালুৰ তৃতীয় সন্তান সুষান্ত ডালু উত্তৰাখণ্ডৰ তপোবন নামে এটা কোম্পানীত কৰ্মৰত হৈ আছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা সুষান্ত ডালু স্নাতক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈ একো চাকৰি নোপোৱাত দৰিদ্ৰ পৰিয়ালটি পোহ-পাল দিবলৈ বহিঃ ৰাজ্যলৈ ওলাই যায় ।
কালি পুৱা আঠ বজাত পিতৃলৈ শেষ ফোন কৰাৰ পাছত মোবাইলৰ চুইচ অৱ হৈ যায় সুষান্তৰ । উত্তৰাখণ্ডৰ জলপ্ৰলয়ত মেধাৱী যুৱকজনৰ নিৰুদ্দেশৰ খবৰে পিতৃ-মাতৃৰ লগতে গাঁওবাসীৰ মাজত কান্দোনৰ ৰোল পৰিছে । পৰিয়াল আৰু গাঁওবাসীয়ে মৃত অথবা জীৱিত অৱস্থাত হ’লেও সুষান্তক ঘূৰাই দিবলৈ অনুৰোধ জনাইছে ।