পশ্চিম কাৰ্বি আংলঙৰ জেংখাত উত্তপ্ত পৰিস্থিতি । জেংখা আৰক্ষী তালাচী চকীত নিশা আক্ৰমণ এদল উদত্ত যুৱকৰ।
পশ্চিম কাৰ্বি আংলঙৰ জেংখাত নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। জেংখাত গাঁৱৰক্ষী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠান চলি থকা সময়ত সৃষ্টি হয় এই পৰিস্থিতি।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত কৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত উদ্ভণ্ডালি কৰে এজন উদত্ত যুৱকে।
ইয়াৰ পাছতেই উদত্ত খৰছিং বে নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰাক কেন্দ্ৰ কৰি এদল যুৱকে মাজনিশা আক্ৰমণ কৰে খেৰণি থানা অধীনৰ জেংখা আৰক্ষী তালাচী চকীত।
সম্প্ৰতি ভাঙি-চিঙি লণ্ডভণ্ড কৰে তালাচী চকীৰ বাহন, চকী-টেবুল, আচবাব আদি সকলো। জেংখা তালাচী চকীক লক্ষ্য কৰি শিলগুটিও নিক্ষেপ আক্ৰমণকাৰীৰ।
ফলত ন জন আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে ভীষ্ম টেৰণ(১৫) আৰু মহেশ্বৰ ইংহি (১৯) নামৰ দুই আক্ৰমনকাৰী যুৱক আঘাতপপ্ৰাপ্ত হৈ চিকিৎসাধীন হয়।
অৱশেষত ঘটনাস্থলীত আৰক্ষীয়ে গুলি চালনা কৰি নিয়ন্ত্ৰণ কৰে সংঘটিত হোৱা ভয়ানক পৰিস্থিতি।