পানীৰ সৰবৰাহ বন্ধ, প্ৰকাশ্যে শৌচকৰ্ম কৃষক আন্দোলনকাৰীৰ

210205004747 01 india farmer protests camp restricted exlarge 169

হাড় কঁপােৱা ঠাণ্ডাত জলকামান দাগিও আন্দোলনকাৰী কৃষকসকলক আঁতৰাব পৰা নাছিল দিল্লী আৰক্ষীয়ে। এতিয়া চৰম জল-সংকটৰ সন্মুখীন হােৱা সত্ত্বেও নিজৰ অৱস্থানত অটল হৈ আছে। প্রতিবাদী কৃষকসকল। চৰকাৰে কৃষি আইন প্রত্যাহাৰ নকৰা পর্যন্ত সিংঘু সীমান্তৰ পৰা চুলি এডালৰ সমান স্থানলৈও আঁতৰি নাযায় বুলি তেওঁলােকে স্পষ্ট কৰি দিছে।

বৰঞ্চ লগতে জনাইছে যে দিল্লী আৰক্ষীৰ আচৰণে তেওঁলােকক হতাশ কৰিলেও মনােবল একেবাৰে ভাঙিব পৰা নাই। পঞ্জাৱ আৰু দিল্লীৰ সংযােগস্থল সিংঘু সীমান্তত সম্প্রতি ডেৰ কিলােমিটাৰ অঞ্চলজুৰি এখন চাৰি-পাঁচ ফুট ওখ কংক্রীটৰ দেৱাল থিয় হৈ আছে।

ইয়াৰ পাছতে আছে পাঁচটা স্তৰীয় বেৰিকেড। মাটিত পুতি ৰখা হৈছে জোঙা গজাল, যাতে আন্দোলন কোনােপধ্যেই দিল্লীত উপস্থিত হ’ব নােৱাৰে।ইয়াৰ সমান্তৰালকৈ আন্দোলনকাৰী কৃষকসকললৈ পানীৰ সৰবৰাহ একেবাৰে বন্ধ কৰি দিয়া হৈছে। তেওঁলােকে ইমানদিনে ব্যৱহাৰ কৰি অহা ভ্রাম্যমাণ শৌচাগাৰাে আঁতৰাই নিয়া হৈছে ।

যাৰ বাবে সম্প্রতি আন্দোলনকাৰী পুৰুষ-মহিলা সকলােৱেই প্রকাশ্যে শৌচকর্ম সম্পন্ন কৰিবলগীয়া হৈছে। ইমানদিলে দিল্লীৰ পৰা সিংঘুলৈ পানীৰ টংকাৰ আহিছিল । কিন্তু এতিয়া কংক্ৰীটৰ দেৱালৰ বাবে টেংকাৰ কৃষকসকলৰ ওচৰলৈ যাব নোৱাৰে । যি সামান্য পৰিমাণৰ পানী কৃষকসকলে পাইছে সেয়া অনা হৈছে হাৰিয়ানাৰ পৰা । অৱশ্যে হাৰিয়ানা সীমান্ততটো একেই পৰিস্থিতি অতি অস্বাস্থ্যকৰ পৰিস্থিতিত হাৰিয়ানা সীমান্ততো একেই পৰিস্থিতি ।

অতি অস্বাস্থ্যকৰ পৰিস্থিতিত হাৰিয়ানা সীমান্তত অৱস্থান কৰা কৃষকসকলে বিক্ষোভ অব্যাহত ৰাখিছে । আন্দোলনস্থলীৰ কিছু নিলগতে এবাৰ ব্যৱহৃত পাত-গিলাচ-বাটি আদিয়ে দ’ম বান্ধিছে ।

তথাপি এইদৰে তেওঁলোকক নিৰস্ত্ৰ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে পাটিয়ালাৰ পৰা আহি আন্দোলনত অংশ লোৱা কৃষক কুলজিৎ সিঙে । সংবাদ মাধ্যমৰ আগত সিঙে কয়, ‘আমি কৃষক । প্ৰয়োজন হ’লে মাটি খাণ্ডি টিউবৱেল বহাই ল’ম । চৰকাৰে যদি ভাবিছে যে এইদৰে আমাক ভয় খোৱাব পাৰিব, তেন্তে একেবাৰে ভুল ভাবিছে । ল’ৰা-ছোৱালীবোৰ ভৱিষ্যৎ সুৰক্ষিত নকৰাকৈ গাঁৱলৈ উভতি যোৱাৰ প্ৰশ্নই নাহে ।’

Exit mobile version