মাতৃ হোৱাৰ পাছত প্ৰিয় গহণা কি ক’লে অনুষ্কাই

অনুষ্কা শৰ্মা বৰ্তমান এগৰাকী মাতৃ । মাতৃ হোৱাৰ লগতে সলনি হৈছে তেওঁৰ জীৱন ধাৰাও । সেই ধাৰণাটো স্পষ্ট এতিয়া তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত । অভিনেত্ৰীগৰাকীয়ে দেওবাৰে তেওঁৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট এখন ফটো পোষ্ট কৰিছিল তাত অভিনেত্ৰী গৰাকীয়ে লিখিছিল বৰ্তমান তেওঁৰ প্রিয় গহনা ।

আচলতে সেইটো কি আছিল ? কোন ডিজাইনাৰৰ গহনা ? নে এটা প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ বেগ ? নহয় ! এইবোৰৰ একোয়ে এতিয়া অনুষ্কাৰ প্ৰিয় নহয়। এইটো কোনো ডিজাইনাৰৰ বেগ নহয় এইখন হৈছে ‘বাৰ্প ক্লথ’

অনুষ্কাই ক’লা টপ আৰু ক’লা ট্ৰেক পেণ্ট পিন্ধি আয়নাৰ সন্মুখত থিয় হৈ থকা এখন ছবি পোষ্ট কৰিছিল।তাত তেওঁৰ শিশুটিৰ ‘বাৰ্প ক্লথ’ অভিনেত্ৰীগৰাকীৰ কান্ধত ওলমি আছে আৰু তেওঁ পোষ্টটোত লিখিছে, বৰ্তমান প্রিয় এক্সেছৰিজ-বাৰ্প ক্লথ’ । বাৰ্প ক্লথ হৈছে শিশুসকলক বাহুৰ হাতত লৈ যোৱাৰ সময়ত কান্ধত ৰখা কোমল কাপোৰৰ ।

এতিয়া সেই কাপোৰখন অনুষ্কাৰ প্ৰিয় বস্তুৰ তালিকাত আহি পৰিছে । অনুৰাগীসকলে তেওঁৰ পোষ্টটো দেখি বিৰাটৰ অনুৰাগী সকলেও মৰমেৰে উপচাই পেলাইছে । বহুতে আকৌ এবাৰ তেওঁৰ সন্তানৰ জন্মৰ পিছত তেওঁক ‘ফিটনেছ’ৰ প্ৰশংসাৰে ভৰি আছে।

আৰু চাৰি দিনৰ পিছতে, ভমিকাই এক মাহ সম্পূৰ্ণ কৰিব। বিৰাট-অনুষ্কাই যোৱা সোমবাৰে, এক ফেব্ৰুৱাৰীত শিশুটোৰ নাম সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল।

Exit mobile version