মিছৰত উদ্ধাৰ হােৱাৰ মামীৰ আছে সােণৰ জিভা

Archaeologists in Egypt discover a mummy with a golden tongue

ইজিপ্ট বা মিছৰৰ পুনৰ উদ্ধাৰ হ’ল প্রায় দুহেজাৰ বছৰৰ পুৰণি এক কবৰস্থান। এই কবৰস্থানৰ পৰাই উদ্ধাৰ হৈছে একাংশ মামী। এই মামীসমূহৰ মাজৰ এটা মামীয়ে চকু কপালত তুলিছে প্রত্নতত্ত্ববিদসকলৰ। কিয়নাে উদ্ধাৰকৃত মামীসমূহৰ মাজৰ এটা মামীৰ আচল জিভা নাই।

তাৰ পৰিৱর্তে আছে সােণেৰে তৈয়াৰী এখন জিভা। ইয়াৰ উপৰি মামীটোৰ সমগ্ৰ শৰীৰ সােণৰ গহনাৰে ভর্তি। এই মামীটো কাৰ তাকে লৈ এতিয়া চিন্তাত পৰিছে প্রত্নতাত্ত্বিকল। সম্প্রতি এই ধৰণৰ দুটা মামীক লৈ বিশেষ পৰীক্ষা-নিৰীক্ষা চলাই আছে। গৱেষকৰ দলে। উল্লেখ্য যে ছাণ্টো ডমিনিগ’ বিশ্ববিদ্যালয়ৰ প্রত্নতাত্ত্বিকৰ দল এটা মিছৰৰ তাপােছিৰিছ মাগনা চহৰৰ এটা মন্দিত খননকার্যত জড়িত হৈ আছে।

যীশু খ্রীষ্টৰ জন্মৰ ২৮০-২৭০ বছৰৰ পূর্বে এই চহৰখনত জনবসতি আছিল। এই চহৰৰ দাঁতিত থকা কবৰস্থানৰ পৰাই ১৬টা মামী উদ্ধাৰ হয়। পুৰাতত্ত্ব অনুসৰি, মৃত্যুৰ দেৱতা অছিৰিছৰ স’তে যাতে কথা পাতিব পাৰে, তাৰ বাবেই এই ৰীতি পালন কৰা হৈছিল। সেই মর্মে মৃতকৰ আচল জিভা কাটি তাৰ পৰিৱর্তে সােণৰ জিভা লগােৱা হৈছিল। ইয়াৰ পূর্বে যােৱা বছৰ মিছৰৰ ৰাজধানী কাইৰৰ পৰা দক্ষিণত অৱস্থিত ছাক্কাৰাৰ পৰা ৫৯টা মামী উদ্ধাৰ হয়।

মামীসমূহ আছিল আঢ়ৈ বছৰৰ পুৰণি। সেইবােৰ তিনিটা কুঁৱাত পুতি ৰখা হৈছিল। ইয়াৰ পাছত সংবাদমেলত এটা কফিন খােলা হয়। দেখা যায় ছার্কোফাগি (মামীৰ কফিনক ছার্কোফাগি বুলি কোৱা হয়)ৰ ভিতৰত দেহটোত কাপােৰেৰে মেৰিওৱা আছে। সেই কাপােৰত উজ্জ্বল ৰঙেৰে হায়াৰ’গ্লিফিক লিপিত বহুকেইটা বাক্য লিখা আছে। ইয়াৰ অর্থ এতিয়াও উদ্ধাৰ হােৱা নাই।

উল্লেখ্য যে বিশ্ব ঐতিহ্য ক্ষেত্র ছাক্কাৰাৰ সমাধিক্ষেত্ৰত তিনি হেজাৰ বছৰৰ আগৰে পৰাই মৃতদেহ কবৰ দিয়া হৈছিল। ছাক্কা মালভূমিত কমেও ১১টা পিৰামিড আছে,যিবােৰত আছে কে’বাশ প্রাচীন কবৰ। অনেক সম্রাট আৰু মিছৰীয় বিষয়াৰ মামী ইয়াত আছে। ছাক্কাৰা হৈছে। মিছৰৰ প্রাচীন ৰাজধানী মেমফিছৰ এটি অংশ। ইয়াতেই আছে।বিশ্ববিখ্যাত গিজাৰ পিৰামিড।

Exit mobile version