প্ৰায় পাঁচ হাজাৰ বছৰ আগতে চাহৰ আৱিষ্কাৰ হৈছিল চীন দেশত । অসমত ১৮২৩ চনত প্ৰথম চাহগছ আৱিষ্কাৰ হয় আৰু ১৮৩৫ চনত শদিয়াত চাহ খেতি আৰম্ভ হয়। শুনিবলৈ আচৰিত যেন লাগিলেও সত্য কথা এয়ে যে, কেইশমান বছৰ আগলৈকে চাহ কেৱল পোৱা গৈছিল ঔষধৰ দোকানতহে। ইয়াৰ আগতে বৌদ্ধ ভিক্ষুসকলে চাহক ঔষধৰ মৰ্যাদা দিছিল।হাজাৰ বছৰ আগতে চীনা বৌদ্ধ সন্ন্যাসীসকলে দীৰ্ঘকালীন যোগ সাধনাৰ সময়ত চাহ পান কৰাৰ প্ৰথা প্ৰচলিত আছিল।
চাহ খালে শৰীৰ সতেজ হৈ উঠে বাবে সকলো ধৰণৰ মানুহৰ মাজত চাহ জনপ্ৰিয়। কেইবছৰমান আগলৈকে চাহ আছিল নিতান্ত নিচাৰ বস্তু। কিন্তু বৰ্তমান চাহ সম্পৰ্কে পূৰ্বৰ ধাৰণা সলনি হৈছে।
গাজৰ,বন্ধাকবি,আঙুৰ, আপেলতকৈ চাহত বেছি পৰিমাণে পোৱা যায় এন্টি অক্সিডেন্ট । পৰীক্ষাত প্ৰমাণিত হৈছে যে, চাহে দেহৰ কিছুমান অংগত হোৱাৰ টিউমাৰ বা কেন্সাৰ ৰোধ কৰিব পাৰে।
ইয়াৰ উপৰিও চাহত ভিটামিন, প্ৰায় পোন্ধৰটা এমিনো এচিড আৰু দুটা অত্যন্ত দৰকাৰী খনিজ উপাদান আছে। শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিবলৈ ভিটামিন চি, কোষ-প্ৰাচীৰৰ সুৰক্ষাৰ বাবে ফলিক এচিড, হাড়ৰ বৃদ্ধিৰ বাবে মেঙ্গানিজ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া স্বাভাৱিক ৰাখিবলৈ পটাচিয়ামৰ দৰে উপাদান চাহত যথেষ্ট পৰিমাণে পোৱা যায়।
পটাচিয়ামে তেজত ছডিয়ামৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি আমাৰ ৰক্তচাপ স্বাভাৱিক ৰখাত সহায় কৰে। চাহত কিছু পৰিমাণে জিংকো আছে- যিটো শৰীৰৰ বৃদ্ধিৰ বাবে দৰকাৰী।
চাহত থকা কেফিনে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ উজ্জীৱিত কৰে। সেয়ে চাহ খালে টোপনি ভাগে, শৰীৰৰ অৱসাদ দূৰ হয় ।পোনপটীয়াকৈ গছৰ পৰা তুলি অনা চাহগছৰ পাত সকলোতকৈ উপকাৰী।
চাহ খালে শৰীৰ কিছু পৰিমাণে তজবজীয়া হৈ উঠে। ইয়াৰ কাৰণ হ’ল চাহত থলা থিয়োব্ৰোমিন,থিয়োফাইলিন আৰু কেফিন আদি উপাদান। ইয়াৰ ভিতৰত কেফিনেই প্ৰধান। কম মাত্ৰাত কেফিনে আমাৰ স্নায়ুবোৰক মনক ফূৰ্তি প্ৰদান কৰে।
কিন্তু বেছি মাত্ৰাত ই শৰীৰৰ ক্ষতি কৰে। চাহপাতৰ পৰা প্ৰায় ৮০ শতাংশ কেফিন চাহৰ পানীত মিলি যায়। যদি কোনোৱে গড়ে প্ৰতিদিনে তিনিকাপকৈ চাহ খায়, তেন্তে প্ৰায় ১৫০ মিলিগ্ৰামৰ সমান কেফিন শৰীৰত প্ৰৱেশ কৰে। এই পৰিমাণৰ কেফিনৰ বাবে উদ্বেগৰ কাৰণ নাই।
চাহ খালে আমাৰ ব্লাড প্ৰেচাৰ কম ৰখাত সহায় কৰে। চাহত থকা গামা এমিনো বিউটৰিক এচিড যৌগৰ বাবে এনে হয়। প্ৰতিদিনে গ্ৰীন-টি খোৱা মানুহৰ মাজত পাকস্থলীৰ কেন্সাৰ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা কম বেছি পৰিমাণে চাহ খোৱাৰ বাবে গেচট্ৰিক আলচাৰ নহয়, বৰঞ্চ এনে আলচাৰ কমোৱাতহে সহায় কৰে।
চাহ খালে ডায়েৰিয়া প্ৰশমিত হয়।চাহত থকা কেটিচিন নামৰ পলিফেনল যৌগই ইনফ্লুয়েঞ্জা আৰু কলেৰা ৰোধ কৰে। প্ৰতিদিনে ৰাতিপুৱা কিশোৰ-কিশোৰী, যুৱক-যুৱতী, বৃদ্ধ-বৃদ্ধাই চাহ খালেও শিশুক চাহ খাবলৈ দিয়া নহয়।