কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰিলে অভিনেতা নয়ন নিৰ্বাণ বৰুৱাই

বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ধিং আৰু বটদ্ৰৱা লৈ আগমন ঘটিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতাৰ ।চলিছে বোকা ছটিওৱাৰ লগতে গা কৰি উঠিছে দল বাগৰা ৰাজনীতি। যেন ক্ৰমাৎ আকৰ্ষণী হৈ আহিছে বটদ্ৰৱাৰ ৰাজনৈতিক ক্ষেত্রখন।

ADVERTISEMENT

আজি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে অভিনেতা নয়ন নিৰ্বাণ বৰুৱাই। দলটোত যোগদান কৰিয়ে নয়ন নিৰ্বাণ বৰুৱাই কয়,“আবেগৰ বশৱর্তী হৈ কৰিছিলো “কা” বিৰোধী আন্দোলন, মইয়ে নহয়, বহু শিল্পীয়ে লৈছিল আবেগিক সিদ্ধান্ত।উল্লেখ্য যে, আজি বটদ্ৰৱা সমষ্টিৰ দলংঘাট ত পৃষ্টা প্ৰমুখ সন্মিলনৰ এখনি সভাত বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত বিজেপিত যোগদান কৰে ভালেকেইজন কংগ্ৰেছী নেতা কৰ্মীয়ে।

লগতে অভিনেতাগৰাকীয়ে বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ কয় যে-” বিজেপিয়ে হে অসমীয়া কলা সংস্কৃতি জীয়াই ৰখিব পাৰিব । বিজেপিৰ উন্নয়নৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগদান কৰিছো মই।”নয়ন নিৰ্বান বৰুৱাৰ লগতে অভিনয় জগতৰ বিপুল বৰা ,অবিনাশ দাস , ভাৰতী কলিতাৰ লগতে শতাধিক কংগ্ৰেছী নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে।

Exit mobile version