গোৱৰ্দ্ধনাত আছুৰ শ্বহীদ ভৱন, জি কে বি কলেজৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন ৰঞ্জিত দাসৰ

891fcc53 ded3 49aa a12b 48a955022db2

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎদাসে গোৱৰ্দ্ধনাত সদৌ অসম ছাত্ৰ সন্থাৰ গোৱৰ্দ্ধনা আঞ্চলিক সমিতিৰ শ্বহীদ ভৱন নিৰ্মানৰ কামৰ আজি উদ্বোধন কৰে ৷ প্ৰাক্তন আছু নেতা অজয় নাথকে আদি কৰি বিষয়ববীয়া সকলৰ আহ্বান ৰক্ষা কৰি এই ভৱনৰ কাম আৰম্ভ কৰে বুলি অনুষ্ঠানত উপস্থিত হৈ ভাষণ প্ৰংগত উল্লেখ কৰে ৰণজিৎ দাসে ৷

 গোৱৰ্দ্ধনাস্থিত জি কে বি কলেজৰ প্ৰেক্ষাগৃহৰ আধাৰ শিলা স্থাপন কৰে দাসে ৷ অনুষ্ঠানত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল প্ৰসংগত  কয় -বদৰুদ্দিন আজমল এজন ৰাজনৈতিক আগ্ৰসন কৰা ব্যক্তি ৷ ধুবুৰী,গোৱালপাৰা আদি অঞ্চল সমুহত যি দেশী মানুহ আছে, তেওঁলোকেই পূৰ্বে সাংসদ হৈছিল৷ভাৰত স্বাধীন হোৱাৰ পিছৰেপৰা ইছলাম ধৰ্মীয় মূলৰ মানুহেই সাংসদ হৈছিল ৷ আজিলৈ হিন্দু মূলৰ মানুহে সাংসদ হোৱা নাই ৷তেওঁলোক ইছলাম ধৰ্মীয় হ’লেও স্থানীয় মানুহ৷কিন্তু ছিলেটৰ পৰা আহি প্ৰথম বাৰৰ কাৰণে দেশী সকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে ভাটিয়া সকলৰ মইনুল হক চৌধুৰীয়ে৷একে ছিলেটৰ বংশধৰ পিছত হোজাইত থাকি এতিয়া তিনিবাৰকৈ সেই ঠাই দখল কৰিলে৷গতিকে স্থানীয় মুছলমান মানুহে বুজি উঠিছে যে তেওঁলোকৰো ৰাজনৈতিক ক্ষমতা ক্ৰমাগতভাৱে লৈ গৈছে ৷

দাসে কয় -ভাৰতীয় মূলৰ মুছলমান থকাৰ পিছতো তেওঁলোকে যদি প্ৰকৃততে দেশ সেৱা কৰিব বিচাৰে তেওঁলোকে কিয় নিৰ্বাচন খেলিব লাগে৷ মুছলমান মানে কংগ্ৰেছ নহয় মুছলমান মানে এ আই ইউ ডি এফ নহয় ৷ আজিকালি ইছলাম ধৰ্মীয় মূলৰ ল’ৰা ছোৱালীবোৰ পঢ়াশুনা কৰে, বিবেকবান হৈছে৷তেওঁলোকে বুজি উঠিছে সবকে সাথ সবকা বিকাশ নীতি ৷ভাল বেয়া বুজি পোৱা হৈছে৷ এইবাৰ নিৰ্বাচনত সংখ্যালঘু সম্প্ৰদায়ৰ ৩০ শতাংশ ভোট লাভ কৰি চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে

অসমৰ ৯৬ লাখ জনসাধাৰণৰ ভিতৰত থকা ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহখিনিও চৰকাৰী কোনো সাহায্যৰ পৰা আজিলৈ বঞ্চিত হোৱাটো দূৰৰ কথা বহু ঠাইত প্ৰয়োজনতকৈ সাহায্য বেছিকৈহে পোৱাৰ উদাহৰণ আছে৷অসমত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ সাত লাখ ঘৰ দিয়া হৈছে,তাৰ ভিতৰত দুই লাখ আশী হাজাৰ তিনিশ চল্লিশটা ঘৰ লাভ কৰিছে ধৰ্মীয় সংখ্যালঘুই ৷ মুছলমান সকলে আজিকালি মৌলবী অথবা মাতব্বৰৰ কথাত ভোট নিদিয়ে, কাৰণ তেওঁলোকৰ লৰা-ছোৱালীৰ এতিয়া হাতে হাতে মোবাইল, লেপটপ ৷

Exit mobile version