পুটিন বিৰােধী নাভালনিৰ পত্নীৰ প্রতি ৰুচ্ছ মহিলাৰ ৰেড টপ’ অভিযানৰে সমর্থন

38905082 0 image a 29 1612490855086

ৰাছিয়াৰ একাংশ মহিলাই শেহতীয়াভাৱে ৰেড টপ’ পৰিধান কৰি ছ’চিয়েল মিডিয়াত ফটোগ্রাফ আপলােডৰে এক নতুন অভিযান আৰম্ভ কৰিছে। এইসকল মহিলাই ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্রাডিমীৰ পুটিনৰ কঠোৰ সমালােচক এলেক্সেই নাভালনিৰ পত্নী ইউলিয়া নাভালনিৰ প্রতি সমর্থন ব্যক্ত কৰিবলৈ অনলাইনত ‘ৰেড টপ’পৰিধান অভিযান চলাইছে।

এইসকল মহিলাই কয় যে তেওঁলােকে নাভালনি আৰু ইউলিয়াৰ সমৰ্থনত থিয় দিছে আৰু পুটিন চৰকাৰে নাভালনি দম্পতিৰ ওপৰত চলােৱা নির্যাতনৰ তীব্ৰ বিৰােধিতা কৰে। উল্লেখ্য যে অলপতে বার্লিনৰ পৰা স্বদেশলৈ উভতি অহাৰ পাছতে মস্কো বিমানকোঠত আৰক্ষীয়ে পুটিনবিৰােধী নেতাজনক গ্রেপ্তাৰ কৰিছিল আৰু আদালতে এটি পুৰণি গােচৰত দোষী সাব্যস্ত কৰি নাভালনিক ৩.৫ বছৰৰ কাৰাদণ্ডৰ ৰায় দিছিল।

আদালতে ৰায়দান কৰাৰ দিনা ইউলিয়াই ‘ৰেড টপ’ পৰিধান কৰি আদালতত উপস্থিত হৈছিল। নাভালনিৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত এই ধৰণৰ ফটোগ্রাফ আপলােড কৰাৰ অভিযান প্রথমে ফেশ্বন ৰাইটাৰ কাটয়া ফেডেৰ’ভাই আৰম্ভ কৰিছিল। কাটয়াই ‘ৰেড জাম্পাৰ পৰিধান কৰি উঠা ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি এইদৰে লিখিছিল।

আমি মই ইউলিয়া নাভালনিৰ সমৰ্থনত ৰঙা ৰঙৰ পােছাক পৰিধান কৰিলাে। মােৰ দৰে আন কোনােৱে যদি ইউলিয়াক সমর্থনৰ বাবে ৰঙা ৰঙৰ পােছাক পৰিধান কৰি আগুৱাই আহে, তেন্তে এই অভিযানত অংশ ল’ব পাৰিব। কাটয়াৰ এই আহ্বানৰ প্রতি ইতিমধ্যে হেজাৰ হেজাৰ মহিলাই সমর্থন আগবঢ়াইছে আৰু টেলিগ্রামত যথেষ্ট সংখ্যক মহিলাই ‘ৰেড টপ’ পৰিধানৰ ফটো আপলােড কৰিছে।

এইসকল মহিলাই নাভালনিৰ তৎকালিন মুক্তিৰ দাবীও জনাইছে। উল্লেখ্য যে নাভালনিয়ে বিগত কে’বা বছৰ ধৰি ৰুছ ৰাষ্ট্রপতি পুটিনৰ বিৰুদ্ধে নানা অভিযােগ উত্থাপন কৰি আহিছে। পুটিনবিৰােধী অভিযান চলােৱাৰ ফলত নাভালনি আৰু তেওঁৰ পত্নীয়ে প্রশাসনৰ নিৰ্যাতনৰ সম্মুখীন হ’ব লগা হৈছে।

Exit mobile version