মঙলৰ মাটিত পৃথিৱীবাসীৰ বসতিৰ মানচিত্ৰ প্ৰস্তুত কৰিলে নাছাই

unnamed 1

মঙলৰ মাটিত অধিকাৰ সাব্যস্ত কৰিবলৈ সাজু পৃথিৱী। মঙলৰ কোন কোন স্থানত পানীৰ অভাৱ নহব সেই স্থানসমূহ চিনাক্ত কৰিছে নাছাই।ইয়াৰ দ্বাৰা মঙলৰ বুকুত কেৱল ভৰি থোৱাই নহয়,ভৱিষ্যতে পৃথিৱীবাসীয়ে ইয়াত বসতি স্থাপন কৰিবলৈ সুচল হ’ব। এনেই স্থানক চিনাক্ত কৰি নাছাই এখন বিতং মানচিত্ৰ প্ৰস্তুত কৰিছে।এই মানচিত্ৰত জলধাৰ থকা অঞ্চলসমূহৰ অৱস্থান,দিশ নিৰ্দেশনা আদি সকলো যাৱতীয় তথ্য সংলগ্ন কৰা হৈছে ।মঙলত মানুহৰ আগন্তুক দিনৰ বসবাসৰ সম্বাৱ্য অঞ্চলসমূহৰ এনে বিতং মানচিত্ৰ অংকন এই প্ৰথম সম্ভৱ হ’ল।এই মানচিত্ৰৰ গৱেষণাপত্ৰ সোমাবাৰে আন্তৰ্জাতিক বিজ্ঞান জাৰ্নেল এষ্ট্ৰান’মিত প্ৰকাশ পাইছে ।

ADVERTISEMENT
Exit mobile version