পুনৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰণৌটৰ বিৰুদ্ধে গোচৰ ৰুজু । আন্দোলনকাৰী কৃষকসকলক ‘সন্ত্ৰাসবাদী’ বুলি অভিহিত কৰাৰ বাবে কৰ্ণাটকত গোচৰ ৰুজু কংগনাৰ বিৰুদ্ধে । সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, কৰ্ণাটকৰ বেলাগাভিৰ এজন অধিবক্তা হৰ্ষবৰ্দ্ধন পাটিলে এই অভিযোগ দাখিল কৰে ।
অধিবক্তাজনৰ দাবী, ‘যিদিনাখনৰ পৰা কৃষক আন্দোলন আৰম্ভ হৈছে, সিদিনাখনৰ পৰাই কৃষকসকলক ‘সন্ত্ৰাসবাদী’বুলি অভিহিত কৰি আহিছে ৰণৌটে । কিন্তু তেওঁলোক সাধাৰণ কৃষক, যিয়ে নিজৰ অধিকাৰৰ বাবে যুঁজি আছে । কংগনাই তেওঁলোকক এইদৰে অপমান কৰি ভাৰতবৰ্ষক অপমান কৰিছে ।’ বিশেষকৈ কংগনাৰ সাম্প্ৰতিক প’ষ্টটো লৈ সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে ।
মাৰ্কিন পপ গায়িকা ৰিহানাই কৃষক আন্দোলন সন্দৰ্ভত টুইট কৰাৰ পাছতেই কংগনা ৰণৌটে টুইট কৰে, ‘কোনো একো মাত মতা নাই কাৰণ এওঁলোক কৃষক নহয়, সন্ত্ৰাসবাদী । দেশখনক বিভক্ত কৰাৰ চেষ্টা চলাইছে । যাতে চীনে এই ভগ্ন ও সংবেদনশীল দেশখনক হস্তগত কৰিব পাৰে । ঠিক আমেৰিকাৰ দৰে । সেয়ে কৈছো, চুপ-চাপ বহি থাকা, তোমালোকৰ দৰে নিৰ্বোধসকলে যিদৰে নিজৰ দেশখনক বিক্ৰী কৰিছে, সেইটো আমি নকৰো ।’
https://twitter.com/KanganaTeam/status/1356640083546406913?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1356640083546406913%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fentertainment%2Fbelagavi-based-advocate-files-complaint-against-kangana-ranaut-for-allegedly-calling-farmers-terrorists-in-her-recent-tweet-dgtl%2Fcid%2F1265683
ইয়াৰ পূৰ্বেও কংগনা ৰণৌট আৰু তেওঁৰ ভগ্নী ৰঙ্গলী চান্দেলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল । অভিযোগ, তেওঁৰ সমাজ মাধ্যমৰ জৰিয়তে মানুহৰ মাজত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি কৰিছে ।