উপগ্ৰহ পদ্ধতিত গাৰো স্বায়ত্বশাসিত পৰিষদৰ দাবীত বকোত গাৰো জাতীয় পৰিষদসহ দুই ভাতৃ ভগ্নী সংগঠনৰ তীব্ৰ প্ৰতিবাদ

গাৰো সংগঠনসমূৰ দীৰ্ঘদিনীয়া দাবীক নস্যাৎ কৰি যোৱা ২৮ জানুৱাৰীত অসম চৰকাৰে অসমৰ গাৰোসকলক লৈ গাৰো উন্নয়ন পৰিষদ ঘোষণা কৰে। ইয়াক লৈ ক্ষুব্ধ হৈ কামৰূপ আৰু গোৱালপাৰা জিলা অসম জনৰ গাৰো জাতীয় পৰিষদ, গাৰো মহিলা পৰিষদ আৰু গাৰো যুৱ পৰিষদ। আজি অসম চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাই কামৰূপ আৰু গোৱালপাৰা জিলাৰ কে’বাশতাধিক গাৰো লোকৰ উপস্থিতিত সংগঠন তিনিটাই ছয়গাঁও সমষ্টিৰ গাৰো অধ্যুষিত অঞ্চল শান্তিপুৰত এখন বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

প্ৰতিবাদী সভাত বিসম্বাদী কৰি অহা অন্য গাৰো সংগঠনৰ তিনিজনকৈ গাৰো নেতাৰ পুত্তালিকা দাহ কৰে। অসমত উপগ্ৰহ পদ্ধতিত গাৰো সংগঠন কেইটাই বিগত দিন ধৰি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছে। কিন্তু সংগঠনকেইটাৰ আবেগ, অনুভূতিৰ প্ৰতি কাণসাৰ নাই অসম চৰকাৰৰ। সংগঠন কেইটাৰ অভিযোগ একাংশ বিসম্বাদী গাৰো সংগঠনৰ নেতাৰ বাবেই চৰকাৰখনে অসমত উপগ্ৰহ পদ্ধতিত গাৰোসকলক লৈ গাৰো স্বায়ত্বশাসিত পৰিষদ ঘোষণা কৰাৰ পৰিৱৰ্তে গাৰো উন্নয়ন পৰিষদ ঘোষণা কৰিলে।

চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে গাৰো জনগোষ্ঠীক সন্তুষ্টি কৰিবলৈ ঘোষণা কৰিছিল এটা বিশেষ টোপ। এলেক্স কে. চাংমাক চেয়াৰমেন, থিঙ্গুল চাংমাক উপ-সভাপতি, ক্ৰছবেল মাৰাকক মেম্বাৰ  হিচাপে লৈ ২৫ জনীয়া এখন উন্নয়ন পৰিষদ গঠন কৰা হৈছিল। এনে ঘোষণাৰ পাছতে জাঙুৰ খাই উঠিছে গাৰো জাতীয় পৰিষদ চমুকৈ জিএনচি।

গাৰো স্বায়ত্বশাসিত পৰিষদৰ দাবীত গাৰো উন্নয়ন পৰিষদ সমৰ্থন কৰা এলেক্স কে চাংমা, থিঙ্গুল চাংমা আৰু ক্ৰ’ছবেল মাৰাকৰ পুত্তলিকাও দাহ কৰে প্ৰতিবাদকাৰীসকলে। অসম জনৰ গাৰো জাতীয় পৰিষদৰ সভাপতি আৰবিটশ্বন জি. মমিনৰ পৌৰহিত্যত অনুস্থিত প্ৰতিবাদী সভাত সম্পাদক খনিন্দ্ৰ ইউ.মাৰাক, উপদেষ্টা সুনিত পি.মাৰাক, যুৱ পৰিষদৰ জেমচ্ চাংমা,মহিলা পৰিষদৰ লফেষ্টি চাংমা ।

মাতৃ সংগঠনৰ  সোমা মাৰাকে সংবাদ মাধ্যমক কয়, ‘২০১০ৰ ১৩মাৰ্চত গাৰোসকলৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গাৰো জাতীয় পৰিষদে প্ৰথমবাৰ  বকোৰ সমীপৰ লাংকোনাত ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ গাৰোসকলক লৈ উপগ্ৰহ পদ্ধতিত গাৰো স্বায়ত্বশাসিত পৰিষদ গঠন কৰি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গাৰো উন্নয়ন পৰিষদ গঠন কৰি দিয়াৰ অফাৰ দিছিল। কিন্তু আমি সেই অফাৰ মানি লোৱা নাছিলো। কাৰণ গাৰো উন্নয়ন পৰিষদখন অসাংবিধানিক আৰু ক্ষমতাহীন। এই পৰিষদখনেৰে গাৰো জাতিৰ উন্নয়ন হ’ব নোৱাৰে।’

বিষয়ববীয়াসকলৰ আন এক অভিযোগ যে, গাৰো উন্নয়ন পৰিষদৰ নিৰ্বাচিত চেয়াৰমেন এলেস্ক কে.চাংমা গাৰো জনগোষ্ঠীৰ লোক নহয়। মেঘালয় মেন্দিপথাৰৰ সালমাৰা নিবাসী এলেস্ক কে.চাংমাৰ আচল নাম হৈছে মহেন্দ্ৰ বৰুৱা।  মহেন্দ্ৰ বৰুৱাসহ উপ সভাপতি, মেম্বাৰসকলক লৈ অবৈধভাৱে ঘোষণা কৰা গাৰো উন্নয়ন পৰিষদখনক বিৰোধিতা আৰু তীব্ৰ গৰিহণা প্ৰদান কৰি চৰকাৰে ঘোষণা কৰা গাৰো উন্নয়ন পৰিষদ কেতিয়াও মানি নলয় বুলি হুংকাৰ প্ৰদান কৰে। অন্যথা অনাগত দিনত চৰকাৰখনে ইয়াৰ বাবে জগৰীয়া হ’ব বুলিও আক্ষেপ প্ৰকাশ কৰে।

স্বায়ত্বশাসনৰ জড়িয়তেহে গাৰো জনগোষ্ঠীৰ স্বকীয়তা, পৰম্পৰা ৰক্ষা কৰিব পৰা যাব বুলি গাৰো নেতৃত্বই মন্তব্য কৰি গাৰো জাতীয় পৰিষদৰ দাবীক গুৰুত্ব দিবলৈ আহ্বান জনাই চৰকাৰক।

Exit mobile version