এবিএমছুৰ শালবাৰী জিলা সমিতি গঠন

WhatsApp Image 2021 02 10 at 8.51.04 PM

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ শালবাৰী জিলা সমিতি ন ফেব্ৰুৱাৰীত গঠন কৰা হয়। বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰয়াত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বহীদ লাফিকুল ইছলামৰ ভাতৃ মহিদুল ইছলামৰ নেতৃত্বত বিভাজন হৈছিল এবিএমছুৰ কেন্দ্ৰীয় সমিতিখন।

ADVERTISEMENT

এবিএমছুক শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন জিলাৰ লগতে কালি এবিএমছুৰ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ সভাপতি ৰাফিজুল ইছলামৰ সভাপতিত্বত বৰপেটাৰ সমীপৱৰ্তী মায়হাংক ৰিৰ্জটত অনুষ্ঠিত হোৱা এখন সভাৰ জৰিয়তে হানিফ আলীক সভাপতি, জয়ান উদ্দিনক কাৰ্যকৰী সভাপতি আৰু আৰিফুল হ’কক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া এবিএমছুৰ শালবাৰী জিলা সমিতিখন গঠন কৰা হয়।

এই নতুন সমিতিখন গঠনাৰ্থে উপস্থিত থাকে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহিদুল ইছলাম আৰু সাধাৰণ সম্পাদক আবু জুবাইৰ মণ্ডল। উল্লেখ্য যে ইতিপূৰ্বে টাইচন হুছেইনৰ নেতৃত্বত গঠিত এবিএমছুৰ আন এখন সমিতি আছে ৷ একেদৰে স্বাইজুদ্দিন খণ্ডকাৰ সভাপতি আৰু আব্দুল লতিফ সম্পাদক পদত অধিষ্ঠিত এবিএমছুৰ আন এখন শালবাৰী জিলা সমিতিও আছে ৷ এবিএমছুৰ দুটা ফৈদৰ পৃথক পৃথক সমিতিয়ে আছলতে জনসাধাৰণক কি বাৰ্তা দিব ওলাইছে সেইয়া সময়েহে ক’ব ৷

Exit mobile version